মাছ ধৰিবলৈ যোৱা দুই ভাতৃৰ ওপৰত বনৰক্ষীৰ গুলীচালনা। গুলীচালনাত নিহত হৈছে দুই ভাতৃ ক্ৰমে জলিলউদ্দিন আৰু ছমিৰউদ্দিন। দুই ভাতৃয়ে নিশা মাছ ধৰিবলৈ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰৱেশ কৰিছিল বুলি তথ্য প্ৰকাশ। সেই সময়তে বনৰক্ষীয়ে নিক্ষেপ কৰে কেইভাজাই গুলী। গুলীৰ আঘাতত নিহত হয় দুই মাছ ব্যৱসায়ী। দুই ভাতৃয়ে অভয়াৰণ্যখনত চোৰাংকৈ মাছ ধৰি ব্যৱসায় চলাই গৈছিল উত্থাপিত হৈছে অভিযোগ। এই ঘটনা সংঘটিত হৈছে লাওখোৱা অভয়াৰণ্ঢৰ চৰাইহাগী বনশিবিৰত। নিহত লোক দুজনৰ ঘৰ জুৰীয়াৰ ধিংবৰী চাপৰি গাঁৱত। নিশায়ে দুই ভাতৃৰ মৃতদেহ লৈ যোৱা হয় নগাঁও অসামৰিক চিকিৎসালয়লৈ। এই ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলজুৰি।