মৰণ অৰ্থাৎ মৃত্যু! মানুহৰ জন্ম হলে মৃত্যু অনিবাৰ্য। এই মৃত্যু কেতিয়া আহিব কোনেও নাজানে। কিন্তু তথাপিও সদায় মানুহে মৃত্যুলৈ ভয় কৰি থাকে। মানুহৰ কল্পনাত, মৃত্যু চিনাক্ত কৰাৰ ধাৰণাটো সদায়েই ঘূৰি থাকে। কিন্তু সময়ৰ আগতেই যে মৃত্যু চিনাক্ত কৰা সম্ভৱ, সেইটো আপুনি জানেনে?
আমাৰ ঋষিসকলে এই বিষয়ে অৱগত আছিল। এয়া আছিল এক প্ৰকাৰৰ যোগ কাৰ্যকলাপ, নিয়মীয়া অনুশীলন, যাৰ দ্বাৰা ঋষি-মুনিয়ে বহু আগতেই মৃত্যুৰ শব্দ শুনিবলৈ পাইছিল।
ভাৰতীয় তন্ত্ৰ আৰু যোগ গ্ৰন্থত মৃত্যুৰ সন্দৰ্ভত বহুতো বাখ্যা দেখিবলৈ পোৱা যায়। প্ৰাচীন ঋষি-মুনিসকলে বিদ্যা বা যোগৰ সহায়ত মৃত্যুৰ সময় অনুমান কৰিছিল। ইয়াৰ বাবে, ঋষি-মুনিসকলে তন্ত্ৰ-বিদ্যা, জ্যোতিষ-বিদ্যা, যোগ-ধ্যান আৰু বেদ পুৰাণৰ সহায় লৈছিল। ইয়াৰ ভিতৰত, যোগ-ধ্যান বিজ্ঞানতো এক বিজ্ঞান আছে, যাৰ সহায়ত ঋষি-মুনিসকলে মৃত্যু চিনাক্ত কৰিব পাৰিছিল।
কালেশ্বৰ মুদ্ৰা বা কাল মুদ্ৰা কি?
কালেশ্বৰ মুদ্ৰা হৈছে এক হাতৰ ভঙ্গী, যাক যোগ আৰু সাধনা প্ৰণালীত বিশেষ গুৰুত্ব দিয়া হয়। এই ভংগীমাটো কৰাৰ আগতে, এটা ঠাইত শান্তভাৱে বহি দুয়োটা চকু বন্ধ কৰি লাগে। ইয়াৰ পিছত, নমস্তেৰ ভঙ্গীমাত দুয়োখন হাত যোৰ কৰিব লাগে।
তাৰপিছত দুয়োটা বুঢ়া আঙুলি তললৈ স্থানান্তৰ কৰি ত্ৰিভুজাকাৰ আকৃতি এটা বনাই লোৱা উচিত।ইয়াৰ পিছত, তৰ্জনী আঙুলি, অনামিকা আঙুলি আৰু কণমানি আঙুলিটো বুঢ়া আঙুলিৰ আকাৰৰ কৰি লব লাগিব। ইফালে মাজৰ আঙুলিটো ওপৰলৈ ত্ৰিভুজ এটালৈ আকাৰ দি লব লাগিব। এই ভংগীমাটো লোৱাৰ পিছত, লাহে লাহে উশাহ লৈ বাহিৰলৈ নিশাহ এৰি দিব লাগে।
কোনো পুৰাণতেই কালেশ্বৰ মুদ্ৰাৰ সন্দৰ্ভত কোনো তথ্য উল্লেখ কৰা হোৱা নাই। কাল মুদ্ৰা যোগৰ বিষয়ে কোৱা হয়, যে এই যোগাভ্যাস নিৰন্তৰ কৰি থাকোতে, যিদিনাখনেই হাতৰ মাজৰ আঙুলি দুটাৰ ইটোৱে-সিটোক স্পৰ্শ নকৰে, তেতিয়ায়েই গম পোৱা যায় যে ৬ মাহৰ পিছত ব্যক্তিজনৰ মৃত্যু নিশ্চিত। অৱশ্যে, এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰমাণ পোৱা হোৱা নাই।