যোৱা শুকুৰবাৰে সুৰৰ সম্ৰাট তথা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক দেহাৱসান ঘটে। কণ্ঠশিল্পীগৰাকীৰ আকস্মিক মৃত্যুত সকলো স্তম্ভিত আৰু শোকত ম্ৰিয়মান হৈ আছে।
অসমৰ প্ৰিয় শিল্পীগৰাকীক ২৩ ছেপ্তেম্বৰত ৰাজ্যিক সন্মানেৰে বিদায় দিয়া হয়। লক্ষ লক্ষ অনুৰাগীৰ হৃদয়ত স্থান পোৱা জুবিন গাৰ্গৰ মৃত্যুৰ ছয় দিনৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰী তথা সাংসদ কংগনা ৰনৌতে।
সামাজিক মাধ্যমযোগে কংগনাই জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। ইয়াৰ লগতে পোষ্টটোত তেওঁ লিখিছে হৃদয়স্পৰ্শী বাৰ্তা। উল্লেখ্য যে, জুবিন গাৰ্গে কংগনাৰ প্ৰথম ছবি গেংষ্টাৰৰ য়া আলী গীতেৰে হিন্দী ছবি জগতত জনপ্ৰিয় হৈ পৰিছিল।
অভিনেত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ষ্টৰীত জুবিনৰ কেইখনমান ফটো শ্বেয়াৰ কৰে। তেওঁ কেপচন দিছিল, ‘আপোনাৰ দৰে কোনো নাই জুবিন দা।’ শিল্পীগৰাকীৰ আকস্মিক মৃত্যুত কংগনাই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।