ইউনিভাৰ্চিটি চায়েন্স এণ্ড টেকন’লজি মেঘালয় চমুকৈ ইউ এছ টি এমৰ আচাৰ্য মাহবুবুল হকৰ সন্দৰ্ভত শেহতীয়াকৈ আহিল এটা বেয়া খবৰ। অতি শীঘ্ৰে মাহবুবুল হ’ব পাৰে গ্ৰেপ্তাৰ। কিয়নো মাহবুবুল হকৰ বিৰুদ্ধে গোচৰ হ’ল ৰুজু।
বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাহবুবুলৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা আছিল বুলি সদৰি কৰাৰ পিছতে আজি মাহবুবুলৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা লৈছে কৰিমগঞ্জ আৰক্ষীয়ে।
বৃহস্পতিবাৰে কৰিমগঞ্জৰ জিলা উপায়ুক্তই মাহবুবুল হকৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে। BNSৰ অধীনত 318(4)/ 336(3)/340(2) গোচৰ পঞ্জীয়ন কৰা হয়।
বুধবাৰে মুখ্যমন্ত্ৰী শৰ্মাই এক সংবাদমেলযোগে ভুৱা জাতিগত প্ৰমাণপত্ৰ উলিওৱা ইউ এছ টি এমৰ আচাৰ্য মাহবুবুলক অপৰাধী আখ্যা দিছিল। লগতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰো নিৰ্দেশ প্ৰদান কৰিছিল।
উল্লেখ্য যে, সদ্য প্ৰাপ্ত তথ্য অনুসৰি ১৯৯২ চনতে ইউ এছ টি এমৰ আচাৰ্য মাহবুবুলে উলিয়াইছিল OBC নামত ভুৱা জাতিগত প্ৰমাণপত্ৰ। বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পিছত ১৯৯৬ চনত বাতিল কৰা হৈছিল জালিয়াতিৰে উলিওৱা প্ৰমাণপত্ৰখন।
কিন্তু সেই সময়ত মাহবুবুলৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ পঞ্জিয়ন নকৰাত সৰৱ হৈ পৰা দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। যাৰ পৰিপেক্ষিতত USTMৰ আচাৰ্য মাহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী শৰ্মাক ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজি গোচৰ ৰুজু কৰাৰ পিছতেই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ তদন্তৰ পৰা এটা কথা উমান পোৱা যায় যে যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে ইউ এছ টি এমৰ আচাৰ্য মোহবুবুল হক।