কৰিমগঞ্জত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।হোটেলত হিন্দু গ্ৰাহকক সন্দেহযুক্ত মাংস দিয়াৰ অপৰাধত আটক কৰা হয় ৪ জনকৈ লোকক।
এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ পাথাৰকান্দিত। হোটেলত হিন্দু গ্ৰাহকৰ পাতত সন্দেহযুক্ত মাংস দিয়াৰ অপৰাধত আটক কৰা হয় ৪ জনকৈ লোকক। আলিফ হুছেইন , ৰিয়াজ উদ্দিন , চেলিম আহমদ আৰু হাছান আহমদ নামৰ ৪ গৰাকীক আটক কৰে আৰক্ষীয়ে।
জানিব পৰা মতে, ৰাতাবাৰি এলেকাৰ ৩ বন্ধুক লগত লৈ পেটৰ ভোক নিবাৰনৰ বাবে হিন্দুস্থান হোটেলত গৈ মাংস ভাতৰ অৰ্ডাৰ দিয়ে। পিছে মাংস ভাতৰ থালী অহাৰ পিছত তেওঁলোকৰ মনত কিছু সন্দেহৰ সৃষ্টি হয়। এই কথা লৈয়েই তেওঁলোকৰ মাজত কাজিয়াৰ সুত্ৰপাত হয়। ভাতৰ সৈতে ছাগলী মাংসৰ পৰিবৰ্তে সন্দেহযুক্ত মাংস দিয়া হয় এইকেইগৰাকী হিন্দু লোকক। ইয়াকে লৈ হোটেলৰ মালিক আৰু গ্ৰাহকৰ মাজত তীব্ৰ কাজিয়া আৰম্ভ হয়। হোটেলত হিন্দু দেৱ-দেৱীৰ ছবি লগাই ৰাখিলেও সন্দেহযুক্ত মাংস বিক্ৰি কৰাৰ ঘটনা ষড়য়ন্ত্ৰৰ বাহিৰে আন একৌ নহয় বুলি কয় ভুক্তভোগীয়ে। ইফালে ঘটনা ফাদিল হোৱাৰ পিছতেই যুৱককেইগৰাকীক প্ৰহাৰ কৰিবলৈ উদ্যত হয় হিন্দুস্থান হোটেলৰ কৰ্তৃপক্ষই। আত্মৰক্ষাৰ্থে আৰক্ষীক খবৰ দিয়ে যুৱক কেইগৰাকীয়ে। পিছত আৰক্ষী আহি তিনিও গ্ৰাহকক উদ্ধাৰ কৰে।
ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে ৪ জনকৈ লোকক আটক কৰে। হিন্দু লোকক সন্দেহযুক্ত মাংস দিয়াৰ ঘটনাত হিন্দু সংগঠনৰ লোকে তীব্ৰ প্ৰতিবাদ জনায়। বৰ্তমানেও আৰক্ষীয়ে এই ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে।