মহিলা কৰ্মচাৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নীতিৰ অধীনত ১৮ৰ পৰা ৫২ বছৰ বয়সৰ মহিলা চৰকাৰী কৰ্মচাৰীয়ে প্ৰতিমাহে মাহেকীয়াৰ বাবে এদিনৰ দৰমহাযুক্ত ছুটী লাভ কৰিব। অৰ্থাৎ বছৰি মুঠ ১২ দিনৰ ছুটী লাভ কৰিব।
কৰ্ণাটক চৰকাৰে উল্লেখ কৰিছে যে, কৰ্মক্ষেত্ৰত মহিলা কৰ্মচাৰীসকলৰ সুবিধা আৰু সৰপক্ষা সুনিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই নীতি ৰাজ্যখনৰ সকলো স্থায়ী, চুক্তিবদ্ধ, আৰু আউটচ’ৰ্চ কৰা মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। মহিলা কৰ্মচাৰীয়ে চিকিৎসাৰ প্ৰমাণ পত্ৰ অবিহনে এই ছুটীৰ সুবিধা ল’ব পাৰিব। উপস্থিতি বা ছুটীৰ পঞ্জীত ইয়াক পৃথকে পৃথকে লিপিবদ্ধ কৰা হ’ব। এই ছুটী আন কোনো ছুটীৰ লগত সংযুক্ত কৰিব নোৱাৰি।
এই সিদ্ধান্ত লোৱা হৈছে বাংগালুৰু হোটেল এছ’চিয়েশ্যনৰ আবেদনৰ পিছত, য’ত যুক্তি দিয়া হৈছিল যে পূৰ্বতে মাহেকীয়া ছুটীৰ নীতি বৈষম্যমূলক আছিল কাৰণ ইয়াত চৰকাৰী কৰ্মচাৰীক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।
এই নতুন নিৰ্দেশ কাৰ্যকৰী হোৱাৰ পিছত ৰাজ্যৰ ১.৫ লাখৰো অধিক মহিলা চৰকাৰী কৰ্মচাৰীয়ে এই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব। ঠিকাভিত্তিক কৰ্মচাৰীৰ ক্ষেত্ৰতো এই সুবিধা প্ৰযোজ্য হ’ব। শ্ৰম মন্ত্ৰী সন্তোষ লাডে এই সিদ্ধান্তই মহিলাৰ স্বাস্থ্য আৰু মানসিক সুস্থতা বৃদ্ধি কৰিব বুলি উল্লেখ কৰে।এই ছুটীৰ বাবে কোনো মেডিকেল চাৰ্টিফিকেটৰ প্ৰয়োজন নাই।
চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰিঃ
- ঋতুস্ৰাৱৰ ছুটীৰ সুবিধা ল’বলৈ চিকিৎসাৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই।
- এই ছুটী আন কোনো ছুটীৰ লগত সংযুক্ত কৰিব নোৱাৰি।
- কাৰ্যালয়সমূহে মাহেকীয়া ছুটীৰ সুকীয়া অভিলেখ ৰাখিব লাগিব।
এক আবেদনত উল্লেখ কৰা হৈছে যে ৰাজ্যৰ গৰিষ্ঠসংখ্যক মহিলাই চৰকাৰী বিভাগত কৰ্মৰত আৰু সেয়েহে এই ছুটীৰ পৰিসৰৰ পৰা তেওঁলোকক বাদ দিয়াটো ভুল। আদালতত এই যুক্তিৰ পিছতে চৰকাৰে এই নতুন আদেশ জাৰি কৰিছে।











