শনিবাৰে তামিলনাডুৰ কাৰুৰত বিজয় থালাপতিয়ে আয়োজন কৰা জনসমাৱেশত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি পাইছে। মৃতসকলৰ ভিতৰত আছে ৮টি শিশু আৰু ১৬ৰো অধিক মহিলা।
এই ঘটনাৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে দুখ প্ৰকাশ কৰি প্ৰতিগৰাকী মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। তদুপৰি ঘটনাত আহত হোৱা লোকসকলক প্ৰদান কৰিব ১ লাখকৈ টকা।
ইয়াৰ উপৰি এই ভয়ংকৰ পদপিষ্টৰ ঘটনা সন্দৰ্ভত বিস্তৃত আলোচনা কৰিবলৈ ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে সচিবালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনাইছে।
শনিবাৰে বিজয় থালাপতিৰ সমাৱেশত সংঘটিত হোৱা ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে ন্যায়াধীশ অৰুণ জগদীশনৰ নেতৃত্বত এখন তদন্ত সমিতি গঠন কৰিছে।
উল্লেখ্য যে, শনিবাৰে আয়োজন কৰা এই জনসভাত বিজয় থালাপতিয়ে ভাষণ দি থকা সময়তে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।
এই ঘটনা সন্দৰ্ভত বিজয় থালাপতিৰ টিভিকে পশ্চিম জিলাৰ সম্পাদক মথিয়ালগান, সাধাৰণ সম্পাদক আনন্দ, যুটীয়া সম্পাদক নিৰ্মল কুমাৰকে ধৰি কেইবাজনো লোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৯, ১১০, ১২৫বি আৰু ২২৩ নং ধাৰাত কাৰুৰ চহৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।