দেওবাৰে পুৱা বিহাৰৰ কাটিহাৰ জিলাত এক ডাঙৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। কাটিহাৰৰ আহমদাবাদৰ গংগা নৈত এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাত কেইবাজনো লোক ডুব যায়। এই ঘটনাত এইপৰ্যন্ত তিনিগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। এতিয়াও কেইবাজনো লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।
ইফালে নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত চাৰিজন লোকে সাতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। দক্ষিণ কৰিমুল্লাপুৰৰ মেঘু ঘাটৰ পৰা ১৭ জন লোকে নাওখনত উঠি গদ্দাই দিয়াৰ অভিমুখে গৈ আছিল।
এই নাও দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে এছডিআৰএফ আৰু আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহায়ত নিৰুদ্দেশ হোৱা লোককেইজনৰ সন্ধান অব্যাহত ৰাখিছে।
মৃতদেহ উদ্ধাৰ হোৱা তিনিজনৰ ভিতৰত আছে ৬০ বছৰীয়া পৱন কুমাৰ, ৭০ বছৰীয়া সুধীৰ মণ্ডল আৰু এবছৰীয়া এটি শিশু। বাকী নিৰুদ্দেশ হৈ থকা লোকসকলক বিচাৰি উদ্ধাৰ অভিযান চলাই আছে এছডিআৰএফে।
গংগা নৈৰ প্ৰবল সোঁত আৰু গভীৰতাৰ বাবে নিৰুদ্দেশ হৈ থকা লোকসকলৰ সন্ধানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বুলি স্থানীয় প্ৰশাসনে জানিব দিয়ে।