জনজাতিকৰণৰ বিৰোধিতাৰে ছাত্ৰসমাজৰ এক ভয়ংকৰ প্ৰতিবাদ। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিটিচি সচিবালয় ভাঙি লণ্ডভণ্ড কৰিলে প্ৰতিবাদী শিক্ষাৰ্থীয়ে।
জনজাতিকৰণক লৈ কোকৰাঝাৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। বড়ো ৰাজনৈতিক নেতাই জনজাতিকৰণৰ বিৰোধিতা নকৰাত ক্ষোভৰ উদগীৰণ হৈছে ছাত্ৰ সমাজৰ মাজত। কোকৰাঝাৰৰ BTCৰ সচিবালয় ঘেৰাও কৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শ শ শিক্ষাৰ্থীয়ে।
মূল প্ৰৱেশদ্বাৰ ভাঙি সচিবালয়ৰ চৌহদত প্ৰৱেশ কৰিছে শ-শ প্ৰতিবাদী শিক্ষাৰ্থীয়ে। হাতে হাতে এবছুৰ পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ যুৱকে। বড়ো ৰাজনৈতিক নেতাই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা নকৰাত ক্ষোভত এই কাৰ্যসূচী হাতত লৈছে প্ৰতিবাদী শিক্ষাৰ্থীয়ে।











