বিহাৰ, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। এই ৰাজ্য কেইখনত হোৱা নেৰানেপেৰা বৰষুণৰ লগতে বজ্ৰপাতৰ ফলত ৪৫ গৰাকীতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। ইয়াৰে ২২ গৰাকী উত্তৰ প্ৰদেশ আৰু ২২ গৰাকী লোক বিহাৰৰ। আনহাতে উত্তৰাখণ্ডতো এগৰাকী ৪০ বছৰীয়া কৃষকৰ মৃত্যু হয়।
বিহাৰৰ ছিৱান জিলাত দুজন আৰু কাটিহাৰ, দৰভাংগা, বেগুছৰাই, ভগলপুৰ আৰু জেহেনাবাদত এজনকৈ লোকৰ মৃত্যু হয়। ইয়াৰ উপৰি আন তিনিখন জিলাত সৰ্বমুঠ ১০ গৰাকী লোকৰ মৃত্যু হয়। ইয়াৰ এদিন পূৰ্বেও বিজুলী ঢেৰেকনিত ২৫ গৰাকী লোকৰ মৃত্যু হৈছিল।
এই ঘটনাত কৰুণ মৃত্যুক আকোৱালি লোৱা অধিক সংখ্যকেই হৈছে কৃষক নাইবা দিন হাজিৰা কৰা শ্ৰমিক।
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰতিজন ভুক্তভোগীৰ নিকট আত্মীয়ক ৪ লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে।
আনহাতে ৩৬ খন জিলাত হোৱা নেৰাপেনেৰা বৰষুণৰ লগতে বিজুলী ঢেৰেকনিৰ ফলত মৃত্যু হোৱা উত্তৰ প্ৰদেশৰ লোকসকলৰ প্ৰতিটো পৰিয়ালকে ৪ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
তেওঁ জিলাসমূহৰ শীৰ্ষ বিষয়াসকলক উদ্ধাৰ কাৰ্য তীব্ৰতৰ কৰা, শস্য আৰু পশুধনৰ হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰাৰ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ আহ্বান জনায়।