ভাৰতত থকা লিঅ’নেল মেছিৰ অনুৰাগীৰ বাবে ভাল খবৰ। মেছিসহ আৰ্জেণ্টিনাৰ ফুটবল দলটোৱে দুভৰিৰ যাদু দেখুৱাবলৈ আহিব ভাৰতলৈ। ২০২২ ফিফা বিশ্বকাপ জয়ী আৰ্জেণ্টিনাই কেৰালাত এখন আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীমূলক মেচত অংশ ল’ব।
কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰহিমানে এক প্ৰেছ বিবৃতিৰ জৰিয়তে লিঅ’নেল মেছিয়ে ভাৰতলৈ আহিব বুলি জানিব দিয়ে। ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে জানিব দিয়া অনুসৰি অহা বছৰ আৰ্জেণ্টিনা দলে এখন প্ৰদৰ্শনীমূলক মেচ খেলিবলৈ ভাৰত আহিব। বিশ্বকাপ জয়ী দলটোৰ প্ৰতিদ্বন্দ্বী জাপান বা কাটাৰ হোৱাৰ সম্ভাৱনা আছে।
এই হাইভল্টেজ মেচখন কেৰালাৰ কোচি চহৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই অধিক। অৱশ্যে বিকল্প হিচাপে আন চহৰৰ নামো বিবেচনা কৰাৰ সম্ভাৱনা আছে।
ইফালে কেৰালাৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে এই মেচখনৰ বাবে হ’বলগীয়া খৰছ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ অনুমান কৰা অনুসৰি, এই মেচখনৰ বাবে প্ৰায় ১০০ কোটি টকাৰ প্ৰয়োজন হ’ব। এই অনুষ্ঠানৰ পৃষ্ঠপোষকতা কৰিবলৈ ব্যৱসায়িক সংস্থা আগবাঢ়ি অহা বুলিও ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে জনায়।
কেৰালাৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে লগতে এই কথাও জানিবলৈ দিয়ে যে আৰ্জেণ্টিনা ফুটবল এছ’চিয়েচনৰ এটা দল কেৰালালৈ পৰ্যবেক্ষণৰ বাবে আহিব। উল্লেখ্য যে, চলিত বৰ্ষত কেৰালাৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে স্পেনত আৰ্জেণ্টিনা ফুটবল এছ’চিয়েচনৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হৈছিল।
উল্লেখ্য যে, পদশিল্পৰ যাদুকৰৰূপে পৰিচিত মেছিয়ে অন্তিমবাৰ ১৪ বছৰ পূৰ্বে ভাৰতলৈ খেলিব আহিছিল। ২০১১ চনত কলিকতাৰ চল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আৰ্জেণ্টিনা আৰু ভেনিজুৱেলাৰ খেলখনত মেছিয়ে দুভৰিৰ যাদু দেখুৱাইছিল।