কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত দিয়া এক বক্তব্যই এক খলকনিৰ সৃষ্টি কৰিছে। তেওঁ কয় যে, সমাজত লিংগ অনুপাতৰ ভাৰসাম্যতা অতি প্ৰয়োজনীয়।
যদি প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ১৫০০ মহিলা থাকে, তেন্তে এগৰাকী পুৰুষৰ দুগৰাকীকৈ পত্নী থাকিব লাগিব।
ইয়াৰোপৰি গাডকাৰীয়ে কয় যে, লিভ-ইন ৰিলেচনশ্বিপৰ ধাৰণাটোও এক ভুল ধাৰণা আৰু ইয়ে সমাজৰ নিয়মৰ বিৰুদ্ধাচৰণ কৰে। লগতে সমকামী বিবাহেও সামাজিক গাঁথনি ধ্বংস কৰিব পাৰে।
গাডকাৰীয়ে কয় যে, সন্তান জন্ম দি সঠিকভাৱে লালন-পালন কৰাটো পিতৃ-মাতৃৰ প্ৰধান কৰ্তব্য। যদি কোনোৱে সন্তান জন্ম দি নিজৰ সুখৰ বাবে সেই সন্তানৰ দায়িত্ব ল’ব নিবিচাৰে, তেন্তে সেয়া সঠিক নহয়।
গাডকাৰীয়ে লগতে কয় যে, তেওঁ এবাৰ লণ্ডনৰ ব্ৰিটিছ সংসদলৈ গৈছিল। এই সময়ছোৱাত তেওঁ ব্ৰিটিছ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীক তেওঁলোকৰ দেশত সন্মুখীন হোৱা ডাঙৰ ডাঙৰ সমস্যাৰ বিষয়ে সুধিছিল। তেতিয়াই তেওঁ গম পাবলৈ সক্ষম হৈছিল যে, ইউৰোপীয় দেশসমূহৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল পুৰুষ-মহিলাই বিবাহৰ প্ৰতি আগ্ৰহী নহয় আৰু লিভ-ইন সম্পৰ্ককহে পছন্দ কৰে।
২০১১ চনৰ লোকপিয়ল অনুসৰি, ভাৰতত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৪৩ গৰাকী মহিলা। ২০২১ চনত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৫ৰ প্ৰতিবেদন অনুসৰি, দেশত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ১০২০ গৰাকী।
ইয়াৰ উপৰি “আদৰ্শ ভাৰত”ত বিবাহ বিচ্ছেদ নিষিদ্ধ কৰা উচিত নেকি বুলি সোধাত গাডকাৰীয়ে উত্তৰ দিছিল যে, অৱশ্যেই নহয়। কিন্তু লিভ-ইন ৰিলেচন সমাজৰ বাবে গ্ৰহণযোগ্য নহয়।