মধ্যপ্ৰদেশৰ শিঙৰালি জিলাৰ বৰগাৱন থানা এলেকাৰ অন্তৰ্গত অডগাঢ়ী বনাঞ্চলত মানৱতাক লজ্জিত কৰা এক হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে। ৩গৰাকী অচিনাকি বাইক আৰোহীয়ে দুগৰাকী নাবালিকা ভগ্নীৰ সৈতে সংঘটিত কৰে অপকৰ্ম। দুয়োগৰাকী ভগ্নীয়ে নিজৰ দুই আত্মীয়ৰ সৈতে মাহীয়েকৰ ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ মতে, নাবালিকা দুয়োগৰাকীয়ে আত্মীয়ৰ সৈতে বাইকত গৈ আছিল। বাটত তিনিজন অচিনাকি বাইক আৰোহীয়ে তেওঁলোকৰ পিছে পিছে যাবলৈ ধৰে। অদগাধী বনাঞ্চলৰ ওচৰ পাওঁতে অভিযুক্তই তেওঁলোকক প্ৰহাৰ কৰিবলৈ ধৰে। ইয়াৰ পিছতে দুয়ো নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত কৰি তেওঁলোকৰ মোবাইল ফোনো কাঢ়ি লৈ পলায়ন কৰে।
এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে অপৰাধীক বিচাৰি নিজৰ অভিযান আৰম্ভ কৰে। ১১২ নং জৰুৰীকালীন সেৱাৰ সহায়ত অচেতন অৱস্থাত দুয়ো ভগ্নীক অডগাধী বনাঞ্চলৰ পৰা উদ্ধাৰ কৰি বাইধনৰ ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হয়, য’ত তেওঁলোক চিকিৎসাধীন হৈ আছে।
বৰগাৱান থানাই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি ভুক্তভোগী আৰু চাইবাৰ চেলৰ সহায়ত তিনিওজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰে। POCSO আইনকে ধৰি ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, গোচৰটোৰ গভীৰ তদন্ত চলি আছে আৰু সকলো দিশ তীক্ষ্ণভাৱে পৰীক্ষা কৰা হৈছে।
এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। স্থানীয় বাসিন্দাসকলে মহিলা আৰু নাবালিকাৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। মধ্যপ্ৰদেশত ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধৰ মাজতে এই ঘটনা আন এক চিন্তনীয় উদাহৰণ হিচাপে আত্মপ্ৰকাশ কৰিছে।