প্ৰয়াগৰাজ মহা কুম্ভ মেলা ২০২৫ত বসন্ত পঞ্চমীৰ অমৃত স্নানৰ মাজত আটাইতকৈ চৰ্চিত বিষয়টো হ’ল মহামণ্ডলেশ্বৰ হোৱা মমতা কুলকাৰ্ণী।কিন্নাৰ আখৰালৈ গৈ ৰাইজে তেওঁক চাবলৈ ভিৰ কৰিছে।
অৱশ্যে মহাকুম্ভৰ পৰা ছ’চিয়েল মিডিয়ালৈ মমতা কুলকাৰ্ণীৰ আটাইতকৈ বেছি চৰ্চিত বিষয়টো হ’ল মমতাই ১০ কোটি টকা দি মহামণ্ডলেশ্বৰ হ’বলৈ দিছে নেকি?
১০ কোটি টকাৰ লেনদেনৰ খবৰ সন্দৰ্ভত কিন্নৰ আখৰাৰ আচাৰ্য মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীয়ে আগবাঢ়ি আহি এক বিবৃতি দিছে। তেওঁ কয় যে, মমতা কুলকাৰ্ণীয়ে কিন্নৰ আখৰাক ১০ কোটি টকা দিয়া নাই। ১০ কোটি টকাৰ উৰাবাতৰি বিয়পি পৰিছে।
লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীয়ে লগতে কয় যে, তেওঁ মমতা কুলকাৰ্ণীৰ নিজৰ বেংক একাউণ্ট ফ্ৰীজ কৰি ৰাখিছে। কেৱল এয়াই নহয়, মমতাই কিন্নৰ আখৰাক ১০ কোটি টকা দি মহামণ্ডলেশ্বৰৰ উপাধি লাভ কৰিবলৈ চেষ্টা কৰা বুলি যি উৰাবাতৰি বিয়পিছে, সেয়া একেবাৰেই ভুৱা। কিন্নৰ আখৰাই অতি সোনকালে এনে ষড়যন্ত্ৰ ৰচনা কৰা সকলক উদঙাই দিব।
অৱশ্যে মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীয়ে মমতাই কিন্নৰ আখৰাত ২ লাখ টকা দিয়া বুলি মানি লৈছে। তেওঁ কয় যে, মমতা কুলকাৰ্ণীয়ে গুৰু দক্ষিণা হিচাপে ২ লাখ টকা আগবঢ়াইছিল। অৰ্থাৎ তেওঁ স্পষ্টকৈ কৰি দিছে যে, মমতাই আখৰাক গুৰু দক্ষিণা হিচাপে মাত্ৰ ২ লাখ টকাহে দিছে, ১০ কোটি টকা নহয়।
প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত সন্ন্যাস লৈ মহামণ্ডলেশ্বৰ হৈছিল অভিনেত্ৰী মমতা কুলকাৰ্ণী। আৱেগিক আৰু অশ্ৰুসিক্ত আধ্যাত্মিক অনুষ্ঠানৰ মাজতে তেওঁৰ ৰাজ অভিষেক ঘটিছিল। তেতিয়াৰ পৰা কুলকাৰ্ণীয়ে কেশৰী বস্ত্ৰ আৰু ৰুদ্ৰাক্ষৰ মালা পিন্ধা দেখা গৈছে।
কিন্নৰ আখৰাত আচাৰ্য মহামণ্ডলেশ্বৰ ড° লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীয়ে অনুষ্ঠান সম্পূৰ্ণ কৰে। মমতাক ‘শ্ৰী যমৈ মমতা নন্দ গিৰি’ নামৰ এক নতুন আধ্যাত্মিক নামো দিয়া হ’ল।
অৱশ্যে তেতিয়াৰ পৰাই বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ পিছত আখৰাৰ প্ৰতিষ্ঠাপক ঋষি অজয়দাসে আচাৰ্য মহামণ্ডলেশ্বৰ ড° লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীৰ লগতে মমতা কুলকাৰ্ণীকো পদৰ পৰা অপসাৰণ কৰাৰ কথা ঘোষণা কৰে।