আজিৰ দিনত সুন্দৰ সাগৰীয় সীমা আৰু বিলাসী ৰিজৰ্টৰ বাবে পৰিচিত এখন সৰু দ্বীপ ৰাষ্ট্ৰ হৈছে মালদ্বীপ। এসময়ত বৌদ্ধ ধৰ্মৰ আধিপত্য আছিল যদিও প্ৰায় ৯০০ বছৰ পূৰ্বে এক ঐতিহাসিক পৰিৱৰ্তনে এই দেশৰ ধৰ্মীয়, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশ চিৰদিনৰ বাবে সলনি কৰি পেলায়।
প্ৰতি বছৰে ৰবী উল আখিৰৰ দ্বিতীয় তাৰিখত মালদ্বীপত ইছলাম ধৰ্ম গ্ৰহণৰ বাৰ্ষিকী পালন কৰা হয়। ই কেৱল ধৰ্মান্তৰকৰণ নহয়, ই এক নতুন যুগ আছিল, যিয়ে মালদ্বীপক নতুন ৰূপ দিছিল।
খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত বৌদ্ধ ধৰ্মী লোক মালদ্বীপলৈ আহিছিল আৰু ইয়াত যুগ যুগ ধৰি বৌদ্ধ ধৰ্ময়েই মালদ্বীপৰ ধৰ্মীয় পৰিচয় হৈ আছিল বুলি পুৰাত্তত্ববিদসকলে কয়। আজিও মালদ্বীপৰ কিছুমান দ্বীপত বৌদ্ধ স্তুপ আৰু মঠৰ অৱশিষ্ট আছে, যিবোৰে সেই যুগৰ ঐতিহ্যক প্ৰতিফলিত কৰে।
দ্বাদশ শতিকাত আবু আল বাৰাকত ইউছুফ আল-বৰবাৰী নামৰ ইছলামিক পণ্ডিত এজনে মালদ্বীপত উপস্থিত হয়। একাংশ সূত্ৰৰ মতে তেওঁ উত্তৰ আফ্ৰিকাৰ আছিল, আন কিছুমানে তেওঁক ছোমালিয়া বা ইৰাণৰ বুলি বিশ্বাস কৰে। তেওঁ তেতিয়াৰ মালদ্বীপৰ ৰজা ধোৱেমীক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ৰজাই ধৰ্মান্তৰিত হৈ চুলতান মহম্মদ আল-আদিল নামেৰে বিখ্যাত হয়। ইয়াৰ পিছত ক্ৰমান্বয়ে সমগ্ৰ দেশতে ইছলামৰ প্ৰসাৰ ঘটিছিল।
ইছলাম গ্ৰহণ কৰাৰ পিছত মালদ্বীপৰ সংস্কৃতি, সমাজ আৰু শাসন ব্যৱস্থাৰ গভীৰ পৰিৱৰ্তন ঘটিছিল। ধৰ্মীয় শিক্ষা, শিল্প, জীৱনশৈলী আৰু ৰীতি-নীতি সমাজত শিপাই গ’ল। শ্বৰীয়ত আইনক ন্যায় ব্যৱস্থাৰ ভিত্তি হিচাপে গঢ়ি তোলা হৈছিল, যিটো এতিয়াও দেশৰ আইনী ব্যৱস্থাত অন্তৰ্ভুক্ত হৈ আছে। যুগ যুগ ধৰি মালদ্বীপ ইছলামিক চুলতান ৰাজ্য হৈয়েই থাকিল। ১৯৬৮ চনত মালদ্বীপ গণৰাজ্যত পৰিণত হয় যদিও আজিও ইছলাম দেশৰ ৰাজ্যিক ধৰ্ম।
আজি নিজৰ ধৰ্মীয় আৰু সাংস্কৃতিক মূল্যবোধ ৰক্ষা কৰাৰ সমান্তৰালকৈ মালদ্বীপ বিশ্বৰ সন্মুখত আধুনিক পৰ্যটনস্থলী হিচাপেও আত্মপ্ৰকাশ কৰিছে। ইয়াত মছজিদ কেৱল পূজাস্থলী নহয়, সামাজিক আৰু সাংস্কৃতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ।
আজি মালদ্বীপ মুছলমান পৰ্যটকৰ মাজত জনপ্ৰিয় পৰ্যটন স্থানত পৰিণত হৈছে। ইয়াত হালাল খাদ্য, ব্যক্তিগত পৰিয়ালৰ ভিলা, স্পা আৰু নামজৰ সুবিধা সহজেই উপলব্ধ। পৰম্পৰাগত ইছলামিক জীৱনশৈলীৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে চৰকাৰে।