পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘনিষ্ঠ নেতা বাবলা সৰকাৰক কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে। দিন দুপৰতে বাইকত অহা দুৰ্বৃত্তই ঘটনাটো সংঘটিত কৰা বুলি জানিব পৰা গৈছে।
ৰাজ্যখনৰ মালদা জিলাৰ ঝালঝলিয়া অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো। শিহৰণকাৰী ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত।
শেহতীয়াকৈ এটা সংবাদ সংস্থাই প্ৰকাশ কৰা ভিডিঅ’ত স্পষ্টৰূপত দেখা পোৱা গৈছে যে তৃণমূল পাৰিষদ দুলাল সৰকাৰে কিদৰে দুৰ্বৃত্তৰ পৰা প্ৰাণ বচাবলৈ দৌৰিছিল। দোকানত বহি থকা সময়তে দুৰ্বৃত্তই তেওঁক আক্ৰমণ কৰে।
আৰক্ষীয়ে জানিব দিয়া অনুসৰি, বাইকত অহা দুৰ্বৃত্তই দুলাল সৰকাৰক অতি ওচৰৰ পৰা মূৰত গুলীয়াইছিল। হাস্পতাললৈ লৈ যোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটে।
কোনে কি কাৰণত দুলাল সৰকাৰক হত্যা কৰিলে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিব দিয়ে। অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।
ইফালে ঘটনাৰ কথা জানিব পাৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুখ প্ৰকাশ কৰি টুইটাৰত লিখিছে, ‘এই ঘটনাৰ কথা জানিব পাৰি অত্যন্ত দুখী। দোষীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’