হিংসাজৰ্জৰ মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে আগবাঢ়িছে কেন্দ্ৰ। মেইতেই আৰু কুকী সম্প্ৰদায়ৰ সৈতে আলোচনা কৰিব কেন্দ্ৰই।
মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে আগবাঢ়িছে কেন্দ্ৰ। শেহতীয়াকৈ মণিপুৰক লৈ মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। মেইতেই আৰু কুকী সম্প্ৰদায়ৰ সৈতে শীঘ্ৰেই কথা পাতিব কেন্দ্ৰই। মণিপুৰৰ জাতীয় বিভাজন ৰোধ কৰাৰ বাবে দুয়োটা সম্প্ৰদায়ৰ সৈতে আলোচনাত বহিব কেন্দ্ৰ। দুয়োটা সম্প্ৰদায়ৰ কথা শুনি বিচাৰ বিবেচনা কৰিব কেন্দ্ৰই। আনহাতে মণিপুৰত নিয়োজিত সেনা আৰক্ষীক নিৰ্দেশ অমিত শ্বাহে। মণিপুৰত যাতে কোনো কাৰণতে হিংসাত্মক ঘটনা হ’ব নোৱাৰে তাৰ বাবে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে অমিত শ্বাহে।
কেন্দ্ৰীয় সুৰক্ষাকৰ্মীক প্ৰতিটো ক্ষেত্ৰতে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে অমিত শ্বাহে। যদিৱে আৱশ্যক হয় তেন্তে আৰু অধিক সুৰক্ষাকৰ্মী নিয়োজিত কৰিব মণিপুৰত। ইয়াৰ পূৰ্বে মণিপুৰক লৈ উচ্চস্তৰীয় বৈঠকত অংশ লৈছিল অমিত শ্বাহে। এই বৈঠকৰ নেতৃত্ব লৈছিল খোদ অমিত শ্বাহে।