মেক্সিকোত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দেশখনৰ অ’আক্সাকা ৰাজ্যত এখন আন্তঃসাগৰীয় ৰে’ল ৰেলপথৰ পৰা ওলাই যোৱাৰ ফলত কমেও ১৩ জন লোকৰ মৃত্যু হোৱা বুলি ২৮ ডিচেম্বৰত বিষয়াসকলে জনায়।
এক প্ৰতিবেদন অনুসৰি, মেক্সিকান নৌসেনাই জনোৱা মতে, ৰে’লখনত ৯ জন ক্ৰু আৰু ২৪১ জন যাত্ৰীকে ধৰি মুঠ ২৫০ জন লোক আছিল। ইয়াৰে ১৯৩ জন লোক নিৰাপদ বুলি জানিব পৰা গৈছে, আনহাতে ৯৮ জন আহত হৈছে, ইয়াৰে ৩৬ জন লোক চিকিৎসাধীন হৈ আছে। বিষয়াসকলে জনোৱা মতে, চিভেলা আৰু নিজাণ্ডা চহৰৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা।
মেক্সিক’ৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামে সামাজিক মাধ্যমত কয় যে, আহত ৫ জন লোকৰ অৱস্থা অতি সংকটজনক আৰু নিহতসকলৰ পৰিয়ালক সহায় কৰিবলৈ জ্যেষ্ঠ বিষয়াক সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। মেক্সিকান এটৰ্নী জেনেৰেল আৰ্নেষ্টিনা গডয় ৰামোছে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, এটৰ্নী জেনেৰেলৰ কাৰ্যালয়ে এই কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।
২০২৩ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ অব্ৰাডৰে উদ্বোধন কৰা আন্তঃসাগৰীয় ৰেলখন বৃহত্তৰ আন্তঃসাগৰীয় কৰিডৰ প্ৰকল্পৰ অংশ আৰু ইয়াক মেক্সিকোৰ প্ৰশান্ত মহাসাগৰীয় বন্দৰ ছালিনা ক্ৰুজক উপসাগৰীয় উপকূলৰ কোটজাকোআলকোছৰ সৈতে সংযোগ কৰা ইষ্টমাছ অৱ টেহুয়ান্টেপেকৰ মাজেৰে ৰে’ল সংযোগ আধুনিকীকৰণৰ বাবে ডিজাইন কৰা হৈছিল।
মেক্সিকো চৰকাৰে এই ইষ্টমাছক কৌশলগত বাণিজ্যিক কৰিডৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। বন্দৰ, ৰে’লপথ, আৰু ঔদ্যোগিক আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰি লক্ষ্য হৈছে পানামা খালৰ সৈতে প্ৰতিযোগিতা কৰিব পৰা এটা পথ সৃষ্টি কৰা। এই ৰে’লখন দক্ষিণ মেক্সিকোত যাত্ৰী আৰু মালবাহী ৰে’ল সম্প্ৰসাৰণ আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নক প্ৰসাৰিত কৰাৰ বহল প্ৰচেষ্টাৰ অংশও।










