• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

Nation NE by Nation NE
March 12, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Share on FacebookShare on TwitterWhatsApp

২৮ ফেব্ৰুৱাৰীত ইৰাণত প্ৰথমে আক্ৰমণ কৰিছিল আমেৰিকা আৰু ইজৰাইলে। এই আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই নিহত হয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে ইজৰাইলৰ কেইবাখনো চহৰত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলায়। জৰ্ডান, ইৰাক, উপসাগৰীয় কেইবাখনো দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিকো লক্ষ্য কৰি লোৱা হৈছিল এই আক্ৰমণত।

ইৰাণৰ এই প্ৰতিশোধমূলক আক্ৰমণৰ পিছত মধ্যপ্ৰাচ্যৰ পৰিস্থিতি তীব্ৰ অৱনতি ঘটে। অৱশ্যে এতিয়া দুয়োপক্ষই আলোচনাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী লাভৰভৰ সৈতে আলোচনাত মিলিত হৈছে আৰু ট্ৰাম্প আৰু পুটিনে এই পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছে। ইৰাণ যুদ্ধত এতিয়ালৈকে কি হৈছে জানো আহক-

১. আমেৰিকা-ইজৰাইলৰ আক্ৰমণত নিহত খামেনেই

২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত ইৰাণৰ কেইবাটাও সামৰিক আৰু নেতৃত্বৰ ঘাটিত আমেৰিকা আৰু ইজৰাইলে ব্যাপক বিমান আক্ৰমণ চলায়।এই আক্ৰমণত ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেই আৰু কেইবাজনো শীৰ্ষ সামৰিক বিষয়াৰ মৃত্যু হয়। ইয়াৰ পিছত ইৰাণে ইজৰাইল আৰু আমেৰিকাৰ ঘাটিত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ চলায়, যাৰ ফলত মধ্যপ্ৰাচ্যত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হয়।

২. মধ্যপ্ৰাচ্যত মৃত্যুৰ সংখ্যা ১৭০০ অতিক্ৰম

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধত এতিয়ালৈকে ১৭০০ৰো অধিক লোক নিহত হৈছে আৰু হাজাৰ হাজাৰ লোক আহত হৈছে। ইৰাণ আৰু ইজৰাইলে ইজনে সিজনৰ সামৰিক ঘাটি আৰু অসামৰিক অঞ্চলক অহৰহ লক্ষ্য কৰি লৈছে। কেৱল ইৰাণতে মৃত্যু হোৱা লোকৰ সংখ্যা ১২০০ অতিক্ৰম কৰিছে।

৩. উপসাগৰীয় দেশসমূহৰ ওপৰত ইৰাণে ক্ষেপণাস্ত্ৰ নিক্ষেপ

আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণে উপসাগৰীয় দেশসমূহক লক্ষ্য কৰি ধাৰাবাহিকভাৱে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ছৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই), বাহৰেইন, কুৱেইট, কাটাৰ, ওমান, ইৰাক আদি অঞ্চলত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি এই আক্ৰমণ চলাইছিল। ইয়াৰ পূৰ্বেও তেহৰানে সকীয়াই দিছিল যে যদি আক্ৰমণ কৰা হয়, তেন্তে উপসাগৰীয় দেশসমূহত থকা আমেৰিকাৰ বিমান ঘাটিসমূহক লক্ষ্য কৰি লোৱা হ’ব। কুৱেইটত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণৰ আক্ৰমণত ৬ আমেৰিকান জোৱান নিহত হয়।

৪. ইৰাণৰ ‘আই আৰ আই এছ ডেনা’ ধ্বংস আমেৰিকাৰ

২০২৬ চনৰ ৪ মাৰ্চত ভাৰত মহাসাগৰত আমেৰিকাৰ এখন ছাবমেৰিনে ইৰাণৰ যুদ্ধ জাহাজ “আই আৰ আই এছ ডেনা”ক টৰ্পিডোৰে আক্ৰমণ কৰে। আমেৰিকাৰ এই আক্ৰমণত কমেও ৮০ জন লোক নিহত হয়। ভাৰতৰ পৰা উভতি অহাৰ সময়তে জাহাজখনক আক্ৰমণ কৰা হয়। ইৰাণে এই আক্ৰমণক “সাগৰত যুদ্ধাপৰাধ” বুলি অভিহিত কৰি প্ৰতিশোধ ল’ব বুলি হুংকাৰ দিয়ে।

৫. ইৰাণৰ ৰাষ্ট্ৰপতিৰ ক্ষমাপ্ৰাৰ্থনাক উচটনি ট্ৰাম্পৰ

উপসাগৰীয় দেশসমূহত সংঘটিত হোৱা আক্ৰমণৰ বাবে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে চুবুৰীয়া দেশসমূহৰ ওচৰত ক্ষমা বিচাৰি কয় যে, যদি সেই দেশসমূহৰ পৰা অহা শত্ৰু বাহিনীয়ে আক্ৰমণ নকৰে তেন্তে তেওঁলোকে আক্ৰমণ নকৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ ক্ষমাপ্ৰাৰ্থনাক আত্মসমৰ্পণ বুলি আখ্যা দি কয় যে, শত্ৰুৱে ইতিমধ্যে পৰাজয় মানি লৈছে। কিন্তু কিছু ঘণ্টাৰ ভিতৰতে ইৰাণে উপসাগৰীয় দেশসমূহৰ ওপৰত পুনৰ আক্ৰমণ আৰম্ভ কৰে। পেজেস্কিয়ানে কয় যে, ইৰাণে ক্ষমা বিচৰা বুলি ভুল ব্যাখ্যা কৰিছিল আমেৰিকাই।

৬. ইৰাণৰ নতুন উচ্চতম নেতা মোজতাবা খামেনেই

যোৱা ৯ মাৰ্চত ইৰাণৰ বিশেষজ্ঞ বিধানসভাই ৫৬ বছৰীয়া মোজতাবা খামেনেইক দেশৰ নতুন উচ্চতম নেতা হিচাপে নিৰ্বাচিত কৰে। মোজতাবাক কঠোৰপন্থী বুলি গণ্য কৰা হয় আৰু তেওঁ দীৰ্ঘদিন ধৰি ৰিভল্যুচনেৰী গাৰ্ড (আই আৰ জি চি)ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আহিছে। কিন্তু তেওঁৰ মনোনয়ন ঘোষণা হোৱাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই নিৰ্বাচনত অনুমোদন নিদিয়া বুলি উল্লেখ কৰি নতুন নেতাজনে শান্তিৰে জীয়াই থাকিব নোৱাৰিব বুলি দাবী কৰে।

৭. ইৰাণৰ ৰাষ্ট্ৰপতিৰ যুদ্ধবিৰতিৰ চৰ্ত

এই যুদ্ধ ৰোধ কৰিবলৈ ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানে আমেৰিকা আৰু ইজৰাইলৰ বাবে তিনিটা চৰ্ত নিৰ্ধাৰণ কৰিছে। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “জিয়নিষ্ট শাসন ব্যৱস্থা আৰু আমেৰিকাই আৰম্ভ কৰা এই যুদ্ধৰ অন্ত পেলোৱাৰ একমাত্ৰ উপায় নিৰ্ভৰ কৰে ইৰাণৰ আইনী অধিকাৰক স্বীকৃতি দিয়া, ইৰাণক ক্ষতিপূৰণ দিয়া আৰু ভৱিষ্যতৰ আগ্ৰাসনৰ বিৰুদ্ধে দৃঢ় আন্তঃৰাষ্ট্ৰীয় নিশ্চয়তা প্ৰদানৰ ওপৰত।” তেওঁ উল্লেখ কৰে যে, যেতিয়ালৈকে এই বিষয়সমূহৰ ওপৰত চুক্তি নহয় তেতিয়ালৈকে এই যুদ্ধৰ অন্ত পেলোৱা অসম্ভৱ হ’ব।

৮. ট্ৰাম্পৰ দাবীঃ হ’ব নিঃচৰ্ত যুদ্ধবিৰতি

ইৰাণে কোনো চৰ্ত নোহোৱাকৈয়ে যুদ্ধ বন্ধ কৰিব বুলি বাৰে বাৰে দাবী কৰি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। অৱশ্যে এইক্ষেত্ৰত ইৰাণ পিছুৱাই যাবলৈ অনিচ্ছুক। ইজৰাইল আৰু উপসাগৰীয় দেশসমূহৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ অব্যাহত ৰাখিছে।

৯. হৰমুজ জলদ্বীপ বন্ধ হোৱাৰ ফলত বিশ্বব্যাপী তেল সংকট

যেতিয়া আমেৰিকা আৰু ইজৰাইলে ইৰাণক আক্ৰমণ কৰিছিল তেতিয়া ইৰাণে হৰমুজ জলদ্বীপ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল, যাৰ ফলত বিশ্বজুৰি তেল সংকটৰ সৃষ্টি হৈছিল। বিশ্বৰ প্ৰায় ২০% খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ যোগান এই পথৰ মাজেৰে বৈ যায়। ইৰাণে ঘোষণা কৰিছিল যে, তেওঁলোকৰ সেনাই এই সাগৰীয় পথৰ মাজেৰে পাৰ হোৱা যিকোনো জাহাজ ধ্বংস কৰিব। অৱশ্যে ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকাৰ সেনাই হৰমুজ জলদ্বীপত খনি পাতি থকা ইৰাণৰ সকলো জাহাজ ধ্বংস কৰিছে। তেওঁ সকলো শোধনাগাৰ কোম্পানীক জনাইছে যে সকলো জাহাজে এতিয়া ভয় নোহোৱাকৈ হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হ’ব।

১০. মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত পাকিস্তানত তেল সংকট

মধ্যপ্ৰাচ্যৰ যুদ্ধই পাকিস্তানত ভয়াৱহ তেল সংকটৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ঘোষণা কৰিছে যে, পাকিস্তানৰ চৰকাৰী কাৰ্যালয়সমূহ সপ্তাহত মাত্ৰ চাৰিদিনহে চলিব, য’ত আধা কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব। দুসপ্তাহ ধৰি বন্ধ হৈ আছে বিদ্যালয়। আগন্তুক দুমাহৰ বাবে এম্বুলেন্সৰ বাহিৰে চৰকাৰী বাহনৰ ইন্ধনৰ ভাট্টা ৫০ শতাংশ হ্ৰাস কৰা হৈছে। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীসকলৰ বিদেশ ভ্ৰমণ কৰ্তন কৰা হ’ব। কেৱল দেশৰ স্বাৰ্থৰ বাবে অপৰিহাৰ্য ভ্ৰমণৰ অনুমতি দিয়া হ’ব।

Tags: AmericaCeasefireIranIsraelWar

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

March 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025