ভূমিকম্প আৰু ৰাসায়নিক দুৰ্যোগৰ দৰে বৃহৎ দুৰ্যোগৰ ক্ষেত্ৰত জৰুৰীকালীন সঁহাৰিৰ ক্ষমতা শক্তিশালী কৰাৰ লক্ষ্যৰে ১ আগষ্টত দেশৰ ৰাজধানী দিল্লীত আয়োজন কৰা হ’ব ‘মক ড্ৰিল’ৰ। ২৭ জুলাইত এই তথ্য প্ৰদান কৰে বিষয়াসকলে।
এই অনুশীলনৰ সময়ত বাসিন্দাসকলে এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন, আৰক্ষীৰ ভ্যান আৰু সেনাৰ ট্ৰাককে ধৰি জৰুৰীকালীন বাহনৰ চলাচল বৃদ্ধি হোৱা দেখা পাব পাৰে। এই ক্ষেত্ৰত ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই কৈছে প্ৰশানসনক।
বিষয়াসকলে জনোৱা মতে, তেওঁলোকে কয় যে ২৯ জুলাইৰ পৰা দুৰ্যোগৰ আশংকা আৰু কৌশলগত প্ৰস্তুতিৰ ওপৰত আলোচনা চক্ৰৰ জৰিয়তে এই অনুশীলন আৰম্ভ হ’ব। ৩০ জুলাইত টেবুলটপ এক্সাৰচাইজ (টিটিইএক্স)ৰ আয়োজন কৰা হ’ব যাতে দুৰ্যোগ পৰিচালকে নিয়ন্ত্ৰিত পৰিৱেশত নিজৰ সঁহাৰিৰ পৰিকল্পনা পৰীক্ষা কৰিব পাৰে।
বিষয়াসকলে জনোৱা মতে, ১ আগষ্টত অনুষ্ঠিত হ’বলগীয়া পূৰ্ণাংগ ‘মক ড্ৰিল’ চূড়ান্ত পৰ্যায় হ’ব, য’ত এই পৰিকল্পনা ভূমি পৰ্যায়ত কাৰ্যকৰী কৰা হ’ব। বিষয়াসকলে কয় যে এই ক্ষেত্ৰ পৰ্যায়ৰ অনুশীলনে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত জৰুৰীকালীন সঁহাৰিৰ সমন্বয় বৃদ্ধিৰ বাবে ৰচনা কৰা বহু সংস্থাৰ ‘অভ্যাস সুৰক্ষা চক্ৰ’ৰ শিখৰত উপনীত হ’ব। ইয়াৰ জৰিয়তে দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ ১৮খন জিলা সামৰি লোৱা হ’ব।











