এছিয়া কাপ চলি থকাৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছিৰাজলৈ আহিল এক ভাল খবৰ। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ অন্তিমখন মেচত আগবঢ়োৱা চমকপ্ৰদ বলিং প্ৰদৰ্শনৰ বাবে মহম্মদ ছিৰাজলৈ আগবঢ়োৱা হৈছে আগষ্ট মাহৰ আই চি চি প্লেয়াৰ অৱ দ্যা মান্থ বঁটা।
আগষ্ট মাহৰ এই বঁটাৰ বাবে ছিৰাজৰ সৈতে দাবীদাৰৰ দৌৰত আছিল নিউজিলেণ্ডৰ মেট হেনৰী আৰু ৱেষ্ট ইণ্ডিজৰ জেডন ছিল্ছ।
উল্লেখ্য যে, ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ অন্তিমখন মেচৰ অন্তিম দিনা ছিৰাজে আগবঢ়োৱা দুৰ্দান্ত প্ৰদৰ্শনৰ ভিত্তিতে ভাৰতে ৬ ৰানত মেচখন জয়ী হৈ শৃংখলাটোত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছিল।
শৃংখলাটোৰ অন্তিমখন মেচত ছিৰাজে প্ৰথম ইনিংছত ৪টা আৰু দ্বিতীয় ইনিংছত ৫টা উইকেট দখলেৰে সৰ্বমুঠ ৯টা উইকেট লাভ কৰিছিল।
আই চি চিৰ এই সন্মানীয় বঁটা লাভ কৰাত আনন্দ প্ৰকাশ কৰি ছিৰাজে কয় যে আই চি চি প্লেয়াৰ অৱ দ্যা মান্থ বঁটা লাভ কৰাটো সন্মানীয় কথা। এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী শৃংখলাটো আছিল স্মৰণীয় আৰু কেৰিয়াৰৰ অন্যতম প্ৰত্যাহ্বানমূলক আছিল বুলিও উল্লেখ কৰে ক্ৰিকেটাৰগৰাকীয়ে।
ইফালে মহিলা শাখাত আয়াৰলেণ্ডৰ অল ৰাউণ্ডাৰ অ’ৰ্লা প্ৰেণ্ডাৰগেষ্টক আগষ্ট মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। পাকিস্তানৰ বিৰুদ্ধে ঘৰুৱা টি-২০ শৃংখলাত ১৪৪ ৰান সংগ্ৰহ কৰাৰ লগতে লাভ কৰিছিল ৪টা উইকেট। তেওঁৰ দৰ্শনীয় প্ৰদৰ্শনৰ ভিত্তিতেই আয়াৰলেণ্ডে পাকিস্তানক ২-১ ব্যৱধানত শৃংখলাত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।