ন্যায় বিচাৰি এগৰাকী মহিলাই কৰিছে হাহাকাৰ।অপকৰ্মৰ বলি হোৱা এগৰাকী মহিলাক আশ্ৰয় দি নিজেই পুনৰ সংঘটিত কৰিলে এক জঘন্য কাণ্ড।
পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনাই মৰিগাঁৱৰ মৈৰাবাৰীত সৃষ্টি কৰিছে জোকাৰণিৰ। ন্যায় প্রদানৰ নামত মহিলা গাওঁ প্ৰধানৰ স্বামীয়ে সংঘটিত কৰিলে এক ভয়ংকৰ কাণ্ড।
উল্লেখ্য যে, ১ নৱেম্বৰত মৈৰাবাৰীৰ এক দম্পতীৰ মাজত হৈছিল তীব্ৰ কাজিয়া। কাজিয়াৰ পিছতে সেই নিশায়েই ঘৰৰ পৰা স্বামীয়ে উলিয়াই দিছিল নিজৰ পত্নীক। নিশা অকলশৰীয়া মহিলা গৰাকীয়ে ঘৰৰ পৰা ওলাই আহি লগ পায় আইজুল নামৰ এজন লোকক। সেইনিশায়ে আইজুলে মহিলা গৰাকীক ঘন জংঘলৰ মাজলৈ টানি নি অপকৰ্ম সংঘটিত কৰে।
তাৰ পিছত ভুক্তভোগী মহিলা গৰাকীয়ে ন্যায় বিচাৰি কাষ চাপে ভেলৌগুৰী গাঁৱৰ গাওঁবুঢ়াৰ ওচৰত।ভুক্তভোগী এগৰাকী মহিলাক ন্যায় প্ৰদান কৰাৰ আশ্বাস দি পুনৰ অপকৰ্মৰ বলি হয় গাঁওবুঢাৰ স্বামীৰ দ্বাৰা।
গাওঁবুঢ়াৰ স্বামী পাষণ্ড গুলজাৰ হুছেইনে এই মহিলা গৰাকীক ন্যায় প্রদানৰ আশ্বাস দি লগতে নিশা থাকিবলৈ কৈ মহিলা গৰাকীৰ সৈতে নিশা পুনৰ অপকৰ্ম সংঘটিত কৰে।
এই ভয়ানক কাণ্ড সংঘটিত কৰি মহিলা গৰাকীক ভয় ভাবুকি প্রদান কৰি চাৰি দিনে আবদ্ধ কৰি ৰাখিছিল গুলজাৰ হুছেইনে।পিছত মহিলা গৰাকীক ঘৰলৈ খেদি পঠিয়াই দিয়ে গুলজাৰ হুছেইনে।
ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ভেলৌগুৰী থানাৰ আৰক্ষীৰ কাষ চাপে ভুক্তভোগী মহিলা গৰাকীয়ে। আৰক্ষী থানাত ন্যায় বিচাৰি ভুক্তভোগীয়ে দুই পাষণ্ডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এই ঘটনাক লৈ সৰব হৈ পৰিছে স্থানীয় ৰাইজ।
আৰক্ষীয়ে মহিলা গৰাকীয়ে দুই পাষণ্ড আইজুল হক আৰু গুলজাৰ হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰে। ইয়াৰ পূৰ্বেও গুলজাৰ হুছেইনে এগৰাকী নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত কৰি জেল হাজোতলৈ গৈছিল। উল্লেখ্য যে, গুলজাৰ হুছেইন মৈৰাবাৰী উন্নয়ন খণ্ডৰ মৈৰাধ্বজ গাওঁ পঞ্চায়তৰ জি আৰ এছ আৰু আইজুল হক হৈছে এজন মাতাব্বৰ।