সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
সমাগত অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ লোৱাৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে কয় যে, অহা ৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ অসমলৈ আহিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ দুটা অংশ সামৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলং উদ্বোধন কৰাৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট, গুৱাহাটীও উদ্বোধন কৰিব।
সৰস্বতী পূজাৰ দিনটোতে গুৱাহাটী মহানগৰীত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । মহানগৰীৰ কাহিলীপাৰাত মৃত্যুঞ্জয় ১০৮ ৰ খুন্দাত প্ৰাণ হেৰৱায় এগৰাকী যুৱতীয়ে। বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ লুনা ভৰদ্বাজ নামৰ ২২ বছৰীয়া যুৱতীগৰাকী থিতাতে নিহত হয় এই ভয়ংকৰ দুৰ্ঘটনাত। আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দেৰগাঁৱৰ অচ্যুত বৰুৱা নামৰ ২৪ বছৰীয়া এজন যুৱক। বৰ্তমান সংকটজনক অৱস্থাত GMCH ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে যুৱকজন।
১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ অত্যাধুনিক দলং। এই নতুন দলঙখনৰ ওপৰতো থাকিব টোল গেট। ইতিমধ্যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙত স্থাপন হ’বলগীয়া টোল প্লাজা (Toll Plaza)ৰ বাবে নিবিদা আহ্বান কৰা হৈছে । নিবিদা আহ্বান কৰিছে অসম গড়কাপ্তানী বিভাগে ।
প্ৰায় ৪ বছৰ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত। ইয়াৰে মাজতে ইউক্ৰেইনৰ ২ খন বৃহৎ চহৰ ৰাছিয়াৰ আক্ৰমণৰ বলি হোৱা বুলি জানিব পৰা গৈছে। বিষয়াসকলে জনোৱা মতে, এই আক্ৰমণত ১৩ জন লোক আহত হৈছে। এক প্ৰতিবেদন অনুসৰি, ২৪ জানুৱাৰীত ইউক্ৰেইনৰ দুখন বৃহৎ চহৰত ৰাছিয়াই আক্ৰমণ চলোৱাৰ ফলত ৰাজধানী কিয়ভত দুজন আৰু উত্তৰ-পূবত অৱস্থিত খাৰ্কিভত ১১ জন লোক আহত হয়।










