সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছে। ঠায়ে ঠায়ে অন্ধকাৰ হৈ পৰিছে পৰিৱেশ। অহা ১৫ মাৰ্চ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েল্লো এলাৰ্ট। কাৰ্বি আংলং, ডিমা হাচাও, গোলাঘাট, যোৰহাট, তিনিচুকীয়া,শিৱসাগৰ, চৰাইদেউ, লখিমপুৰ, মাজুলী,ডিব্ৰুগড়, ধেমাজি,বিশ্বনাথ, গোৱালপাৰা, বৰপেটা, কামৰূপ, কামৰূপ মেট্ৰো,নলবাৰী, বজালী, কোকৰাঝাৰ, চিৰাং, ধুবুৰী, বাক্সা, তামুলপুৰ,বঙাইগাঁও, নলবাৰী, কাছাৰ, শোণিতপুৰ, শ্ৰীভূমি, হাইলাকান্দিত ইয়েল্লো এলাৰ্ট জাৰি কৰা হৈছে।
ৰাজ্যত পুনৰ শিক্ষা বিভাগত নিযুক্তি। আজি ৰাজ্যৰ ৪৫০০ গৰাকী যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। মহানগৰীৰ খানাপাৰা খেলপথাৰত নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ সৈতে ভয়ংকৰ কা্ণ্ড। কমল সিং জাম্বাল নামৰ এজন যুৱকে গুলীয়ালে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাক। দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত ফাৰুক আব্দুল্লা।জম্মুৰ গ্ৰেটাৰ কৈলাশত এখন বিয়াত অংশগ্ৰহণৰ বাবে গৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।বিয়াৰ কাৰ্যসূচী চলি থকাৰ মাজতে নিচেই কাষৰ পৰা ফাৰুক আব্দুল্লাক গুলীয়ালে দুৰ্বৃত্তই। এই ঘটনাত জম্মু-কাশ্মীৰৰ উপ-মুখ্যমন্ত্ৰী সুৰেন্দ্ৰ চৌধুৰীও আহত।
উত্তৰাখণ্ডত ৪ ধাম সন্দৰ্ভত এক ডাঙৰ বিষয়ৰ উন্মেষ ঘটিছে। ১০ মাৰ্চত বদ্ৰীনাথ-কেদাৰ মন্দিৰ সমিতিৰ বৈঠকত সৰ্বসন্মতিক্ৰমে বদ্ৰিনাথ আৰু কেদাৰনাথকে ধৰি ইয়াৰ অধীনস্থ ৪৭টা মন্দিৰত অসনাতনীৰ প্ৰৱেশ নিষিদ্ধ কৰি এক প্ৰস্তাৱ গৃহীত হয়। এই প্ৰস্তাৱে ৰাজ্যৰ ৰাজনৈতিক আৰু ধৰ্মীয় মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।
আমেৰিকাত ড’নাল্ড ট্ৰাম্প প্ৰশাসনে বিদেশী ঔদ্যোগিক উৎপাদনৰ নতুন বাণিজ্যিক তদন্ত আৰম্ভ কৰিছে। ১১ মাৰ্চৰ পৰা আৰম্ভ হয় তদন্ত। খবৰ অনুসৰি, আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে অৰ্থনৈতিক জৰুৰীকালীন অৱস্থাৰ উদ্ধৃতি দি আৰোপ কৰা ট্ৰাম্পৰ পূৰ্বৰ আমদানি শুল্ক বাদ দিয়াৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই নতুন তদন্তই ভাৰতকে ধৰি ১৬খন প্ৰধান অৰ্থনীতি সামৰি লৈছে।








