No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছে। ঠায়ে ঠায়ে অন্ধকাৰ হৈ পৰিছে পৰিৱেশ। অহা ১৫ মাৰ্চ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েল্লো এলাৰ্ট। কাৰ্বি আংলং, ডিমা হাচাও, গোলাঘাট, যোৰহাট, তিনিচুকীয়া,শিৱসাগৰ, চৰাইদেউ, লখিমপুৰ, মাজুলী,ডিব্ৰুগড়, ধেমাজি,বিশ্বনাথ, গোৱালপাৰা, বৰপেটা, কামৰূপ, কামৰূপ মেট্ৰো,নলবাৰী, বজালী, কোকৰাঝাৰ, চিৰাং, ধুবুৰী, বাক্সা, তামুলপুৰ,বঙাইগাঁও, নলবাৰী, কাছাৰ, শোণিতপুৰ, শ্ৰীভূমি, হাইলাকান্দিত ইয়েল্লো এলাৰ্ট জাৰি কৰা হৈছে।
- দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কলকাতাৰ পৰা হেলিকপ্টাৰেৰে পোনে পোনে অসমত উপস্থিত হ’ব কোকৰাঝাৰত মোদী। কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে কেইবাটাও অভিলাষী প্ৰকল্পৰ শিলান্যাস কৰিব। বিয়লি ৪ বজাত গুৱাহাটীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী।
- আজি কোটি কোটি লোকৰ একাউণ্টত সোমাব ধন। PM KISANৰ হিতাধিকাৰীসকলে লাভ কৰিব ২০০০ টকা। অসমৰ পৰা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ২২ সংখ্যক কিস্তি। হিতাধিকাৰীসকলে pmkisan.gov.inৰ ৱেবছাইটত থকা ‘Beneficiary Status’ত ক্লিক কৰি নিজৰ আধাৰ নম্বৰ বা ম’বাইল নম্বৰ দিলে লিষ্টখন দেখা পাব। তাত নিজৰ ৰাজ্য, জিলা, ব্লক আৰু গাঁৱৰ নাম নিৰ্বাচন কৰিব লাগিব। ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ (আধাৰ) বা বেংক একাউণ্ট নম্বৰৰ লগতে নামেৰে সন্ধান কৰিব পাৰিব। e-kYC নকৰাসকলে নাপাব এই আঁচনিৰ ধন। মুকৰি কৰা হৈছে টোলফ্ৰী নম্বৰ। হিতাধিকাৰীসকলে 155261 বা 011-24300606 নম্বৰত যোগাযোগ কৰিব পাৰিব।
- আমেৰিকাৰ এখন বিমান ধ্বংস কৰিলে ইৰানে। ইৰানৰ মিছাইল আক্ৰমণত তচনচ আমেৰিকাৰ ৰিফিউলিং বিমান। এই আক্ৰমণত ৬ জন আমেৰিকান সেনা নিহত হোৱাৰ দাবী ইৰানৰ। আমেৰিকাৰ বয়িং KC-135 ষ্ট্ৰেট’টেংকাৰ বিমানত আক্ৰমণ কৰাৰ দাবী IRGCৰ। মিড এয়াৰ ইন্ধন ভৰোৱা অভিযানত নিয়োজিত আছিল বিমানখন। এখন বিমান সুৰক্ষিতভাৱে অৱতৰণ কৰোৱা হৈছে বুলি প্ৰকাশ আমেৰিকাৰ।শত্ৰুৰ আক্ৰমণত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা নাই বুলি প্ৰকাশ মাৰ্কিন প্ৰশাসনৰ।
No Result
View All Result