No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি দেশজুৰি মুছলমান লোকসকলে উদযাপন কৰিছে ঈদ। এমাহজোৰা ৰোজাৰ অন্তত ঈদ পালন কৰিছে মছলমান সমাজে। দিল্লীৰ জামা মছজিদ, ফতেহপুৰী মছজিদত নামাজ আদায় শ শ লোকৰ। সমূহীয়া নামাজৰ বাবে সজাই তোলা হৈছে মছজিদ-ঈদগাহসমূহ। পুৱাই ফজৰৰ নামাজ আদায় শ শ লোকৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সমূহ ইছলাম ধৰ্মাৱলম্বী পবিত্ৰ ঈদ-উল-ফিটৰৰ শুভেচ্ছা জনায়।
- পৱিত্ৰ ঈদত প্ৰাণৰ শিল্পী জুবিনক সুঁৱৰি ইছলামধৰ্মী ৰাইজৰ বিশেষ প্ৰচেষ্টা। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সন্মান জনাই ঈদৰ প্ৰবেশদ্বাৰ, পথৰ কাষে কাষে শিল্পীজনৰ বিভিন্ন ফটোৰে সজাই তোলা হৈছে। গুৱাহাটীৰ গাড়ীগাঁৱৰ ঈদৰ মুখ্য তোৰণ, শিৱসাগৰৰ জেঙনীকটীয়া, ধাইআলি অঞ্চল আদি অঞ্চলত জুবিনৰ প্ৰতিচ্ছবি আঁৰি প্ৰাণৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনায় মুছলমানধৰ্মী লোকসকলে।
- উত্তৰ প্ৰদেশৰ বাৰাণসীৰ প্ৰতিষ্ঠিত উদয় প্ৰতাপ মহাবিদ্যালয়ৰ চৌহদত ২০ মাৰ্চৰ পুৱা এজন ছাত্ৰক আন এজন ছাত্ৰই গুলীয়াই হত্যা কৰে। ইয়াৰ পিছতেই সমগ্ৰ কেম্পাছত আতংকৰ সৃষ্টি হয়। এই ঘটনাই কেৱল উপস্থিত থকা আন ছাত্ৰ-ছাত্ৰীকেই নহয়, তাত উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰীসকলকো আতংকিত কৰি তোলে। ততাতৈয়াকৈ ছাত্ৰজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইতিমধ্যে অভিযুক্ত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰা হৈছে।
- ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আক্ৰমণ আৰু তেহৰাণৰ প্ৰতিশোধমূলক কাৰ্যই মধ্যপ্ৰাচ্য কঁপাই তুলিছে। ইয়াৰ মাজতে শক্তিৰ সুবিধাসমূহৰ ওপৰত আক্ৰমণে কঁপাই তুলিছে বিশ্বক। বৰ্তমান বিশ্বজুৰি শক্তি সংকটৰ সৃষ্টি হৈছে। ইফালে চীনে সাৰ ৰপ্তানি কৰ্তন কৰাৰ খবৰ ওলাইছে। খবৰ অনুসৰি চীনে নিজৰ ঘৰুৱা বজাৰখনক সুৰক্ষিত কৰিবলৈ সাৰৰ ৰপ্তানি যথেষ্ট কৰ্তন কৰিছে, যাৰ ফলত ইতিমধ্যে ইৰাণৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা শক্তি সংকটৰ সৈতে যুঁজি থকা বিশ্বৰ বজাৰসমূহত অতিৰিক্ত চাপ পৰিছে।
No Result
View All Result