সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
বিশ্ব কঁপাই যোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে কলম্বিয়াত। এই বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১১০ জন জোৱানে। শক্তিশালী C-130 হাৰকিউলিছ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে কলম্বিয়াত। উৰণৰ কিছু সময়ৰ পিছতেই ভূ-পতিত হয় সেনাৰ বিমানখন। কলম্বিয়াত সংঘটিত হৈছে এই দুৰ্ঘটনা। পোৰ্ট লেগুইজামো অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় বিমান।
সম্ভৱত অসমৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী হৈছে AIUDF প্ৰধান বদৰুদ্দিন আজমল। ৫৬২ কোটি টকাৰ সম্পত্তিৰ হিচাপ দাখিল আজমলৰ
বিভিন্ন শিতানত ২০০ কোটি টকাৰ বিনিয়োগ আজমলৰ। ১০০ কোটি বিনিয়োগ কৰিছে কৃষি আৰু ব্য৷ৱসায় শিতানত। লগতে ১৬৯ কোটিৰ স্থাৱৰ সম্পত্তি আছে আজমলৰ। লগতে বেংকত আছে ৫২ কোটি টকা।
ইৰাণ ব্ৰডকাষ্টিঙৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে কুৱেইটত আমেৰিকাৰ যুদ্ধ বিমান এখন লক্ষ্য কৰি লোৱা হৈছিল আৰু তাৰ পিছত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। প্ৰতিবেদন অনুসৰি ২৩ তাৰিখে এই ঘটনা সংঘটিত হয় যদিও বিমানখনৰ প্ৰকাৰ বা কেনেকৈ আক্ৰমণ কৰা হয় সেই সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য দিয়া হোৱা নাই।












