মাউণ্ট এভাৰেষ্টৰ তিব্বতী দিশত বৰফৰ ধুমুহাৰ ফলত আৱদ্ধ হৈ থকা প্ৰায় ১০০০ লোকৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ৪৯০০ মিটাৰতকৈও অধিক উচ্চতাত অৱস্থিত এই বৰফে যাতায়াতৰ পথসমূহ বন্ধ কৰি দিছে। ইতিমধ্যে শ শ স্থানীয় গাঁওবাসী আৰু উদ্ধাৰকাৰী দলক আৱদ্ধসকলক মুকলি কৰিবলৈ নিয়োগ কৰা হৈছে। সম্প্ৰতি ৩৫০ গৰাকী পৰ্বতাৰোহীক গাঁওবাসী আৰু উদ্ধাৰকাৰী দলে উলিয়াই আনিছে।
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে একাংশ পৰ্যটকক উদ্ধাৰ কৰা হৈছে।৮,৮৪৯ মিটাৰতকৈ অধিক উচ্চতাৰ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট চীনত মাউণ্ট ক’মোলাংমা নামেৰে জনাজাত।
স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, প্ৰচণ্ড বৰফ পৰাৰ বাবে পৰ্বতাৰোহণৰ কাম সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। এভাৰেষ্ট আৰু ইয়াৰ আশে-পাশে পৰ্বতাৰোহণৰ বাবে অক্টোবৰ মাহত আটাইতকৈ নিৰাপদ মাহ বুলি গণ্য কৰা হয়, যেতিয়া উষ্ণতা মধ্যমীয়া আৰু আকাশ পৰিষ্কাৰ।
ইফালে নেপালতো ধাৰাসাৰ বৰষুণৰ বাবে বানপানী আৰু ভূমিস্খলনৰ ফলত কেইবাজনো লোকৰ প্ৰাণ হেৰুৱাইছে। ইফালে দক্ষিণ চীনতো স্থলপথত প্ৰৱেশ কৰিছে মাটমো আমফানে। ধুমুহাৰ পূৰ্বে স্থানীয় কৰ্তৃপক্ষই দক্ষিণ প্ৰদেশ গুৱাংডং আৰু হাইনানৰ পৰা প্ৰায় ৩ লাখ ৪৭ হাজাৰ লোকক উলিয়াই আনিছে, যাৰ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত সৰ্বোচ্চ ১৫১ কিলোমিটাৰ।








