ব্ৰাহ্মণক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে। অৱশ্যে অনুৰাগ কাশ্যপ এনে এটা নাম যিয়ে নিজৰ মন্তব্যৰ বাবে প্ৰতিদিনে শিৰোনাম দখল কৰি থাকে।
কিন্তু এইবাৰ তেওঁৰ মন্তব্যত তেওঁ সকলো সীমা অতিক্ৰম কৰিছে। ব্ৰাহ্মণক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছত সোঁপন্থী সংগঠনৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে তেওঁ। আনকি জয়পুৰত তেওঁৰ বিৰুদ্ধে FIR ৰুজু হৈছে।
অনুৰাগ কাশ্যপে ব্ৰাহ্মণক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছত চাণক্য সেনা আৰু সৰ্বভাৰতীয় ব্ৰাহ্মণ মহাসভাক প্ৰতিনিধিত্ব কৰা পণ্ডিত সুৰেশ মিশ্ৰই অনুৰাগ কাশ্যপ মুখ ক’লা কৰিলে ব্যক্তিক ১ লাখ টকাৰ নগদ পুৰস্কাৰ আগবঢ়াব বুলি জনায়।
অনুৰাগ কাশ্যপৰ শেহতীয়া মন্তব্যক লৈ সমগ্ৰ দেশৰ ব্ৰাহ্মণ সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ আৰু ক্ষোভ প্ৰকাশ কৰিছে। চাণক্য সেনা, সৰ্ব ব্ৰাহ্মণ মহাসভা, ব্ৰাহ্মণ সেৱা সংঘ, সৰ্বভাৰতীয় ব্ৰাহ্মণ মহাসভা, বিশ্ব ব্ৰাহ্মণ পৰিষদ আৰু সৰ্বভাৰতীয় ব্ৰাহ্মণ সংঘ আদি সংগঠনৰ অংশগ্ৰহণেৰে এখন অনলাইন সভাও অনুষ্ঠিত হয়। ইয়াত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
এই অধিবেশনৰ সভাপতিত্ব কৰি সৰ্বব্ৰাহ্মণ মহাসভাৰ ৰাষ্ট্ৰীয় সভাপতি তথা চাণক্য সেনাৰ মুখ্য পৃষ্ঠপোষক সুৰেশ মিশ্ৰই। বৈঠকৰ সময়ত মিশ্ৰই কয় যে, অনুৰাগ কাশ্যপৰ দৰে লোকে ব্ৰাহ্মণ সম্পৰ্কে ভিত্তিহীন কথা প্ৰচাৰ কৰি সমাজত অশান্তিৰ সৃষ্টি কৰে। সেইবোৰৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰিব লাগে।
মিশ্ৰই সামাজিক মূল্যবোধ ধ্বংস কৰাৰ চেষ্টাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধৰ আহ্বান জনাই এনে লোকক ৰাজহুৱাভাৱে লজ্জিত কৰি আদৰ্শ দাঙি ধৰিবলৈ আহ্বান জনায়।
আচলতে জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলেৰ জীৱনৰ আধাৰত নিৰ্মিত কাশ্যপৰ ছবি ফুলে জাতিগত বিষয়ক চিত্ৰিত কৰাৰ বাবে বিতৰ্কৰ সন্মুখীন হৈছিল। তেওঁৰ ছবিখনৰ সমালোচনাৰ প্ৰতি সঁহাৰি জনাই কাশ্যপে ছচিয়েল মিডিয়াত ব্ৰাহ্মণক লৈ এক বিতৰ্কিত মন্তব্য কৰে। অৱশ্যে ব্যাপক ট্ৰলিঙৰ সন্মুখীন হোৱাৰ পিছত শনিবাৰে কাশ্যপে ক্ষমাও বিচাৰে।