মহাৰাষ্ট্ৰত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে এইবাৰ ৰাজ্যজুৰি জীৱন ব্যাহত কৰিছে। বিগত কিছুদিন ধৰি মহাৰাষ্ট্ৰত পৰিস্থিতি অতি ভয়াৱহ হৈ আছে।
শেহতীয়া তথ্য অনুসৰি, ৰাজ্যখনত ১৫ আগষ্টৰ পৰা ২১ জন লোকৰ মৃত্যু হৈছে।মুষলধাৰ বৰষুণে বহু জিলাত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰাৰ বিপৰীতে শস্য আৰু ঘৰৰ ব্যাপক ক্ষতিসাধন হৈছে।
এইবাৰ লোনাভালাত বৰষুণে সৃষ্টি কৰিছে তীব্ৰ অসুবিধাৰ। বিগত ২৪ ঘণ্টাত ইয়াত ৪৩২ মিলিমিটাৰ বৰষুণ হোৱা বুলি কোৱা হৈছে, যিটো এতিয়ালৈকে সৰ্বাধিক বৰষুণ বুলি কোৱা হৈছে। মঙলবাৰে মাত্ৰ দহ ঘণ্টাত ১৫০ মিলিমিটাৰ বৰষুণ হোৱা বুলি ৰেকৰ্ড কৰা হয়, যদিও পিছৰ চৈধ্য ঘণ্টাত বৰষুণৰ গতি আৰু অধিক বৃদ্ধি পায়, যাৰ বাবে ২৮২ মিলিমিটাৰ অতিৰিক্ত বৰষুণৰ ৰেকৰ্ড কৰা হয়।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ৰেড এলাৰ্ট। অবিৰত বৰষুণৰ বাবে বিমান উৰণত যথেষ্ট প্ৰভাৱিত হৈছে। ইণ্ডিগো এয়াৰলাইন্সে যাত্ৰীসকলৰ বাবে জাৰি কৰিছে এক বিশেষ ট্ৰেভেল এডভাইজাৰী। যাত্ৰীসকলক আগতীয়াকৈ যাত্ৰাৰ পৰিকল্পনা, বিমানবন্দৰত উপস্থিত হোৱাৰ পূৰ্বে অনলাইনত বিমানৰ অৱস্থা পৰীক্ষা কৰাৰ লগতে পঞ্জীয়নভুক্ত মোবাইল নম্বৰ আৰু ইমেইল আপডেট কৰি ৰাখিবলৈ পৰামৰ্শ দিছে যাতে যিকোনো পৰিৱৰ্তন সময়মতে ৰিপৰ্ট কৰিব পৰা যায়।
ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাই বিমানবন্দৰত ২৫০খনতকৈও অধিক বিমান ক্ষতিগ্ৰস্ত হৈছে। খবৰ অনুসৰি ১২খনতকৈও অধিক বিমান ডাইভাৰ্ট কৰিবলগীয়া হোৱাৰ বিপৰীতে প্ৰায় ৯০খন বিমান আহিবলৈ পলম হয়। পথত পানী জমা হোৱা আৰু যান-জঁটৰ সৃষ্টি হোৱাৰ বাবে যাত্ৰীসকলক যাত্ৰাৰ বাবে অতিৰিক্ত সময় উলিয়াবলৈ পৰামৰ্শ দিছে বিমান সংস্থাসমূহে।