মুম্বাইৰ নায়াৰ হাস্পতালক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। মেইলৰ জৰিয়তে লাভ কৰা ভাবুকিভৰা মেইলৰ পিছতেই এতিয়া হাস্পতাল কৰ্তৃপক্ষৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, শনিবাৰে নিশা প্ৰায় ১১ বজাত হাস্পতালখনৰ ডীনলৈ কোনো অচিনাক্ত লোকৰ পৰা ভাবুকিভৰা মেইলটো আহে।
মেইলটোৰ কথা জানিব পৰাৰ পিছতেই হাস্পতাল কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। কিছু সময়ৰ পিছতেই হাস্পতালত আৰক্ষীৰ লোক উপস্থিত হৈ তন্ন-তন্নকৈ হাস্পতাল চৌহদত তালাচী চলায়। ভাল খবৰ এয়াই যে আৰক্ষীয়ে হাস্পতালখনত কোনোধৰণৰ বিস্ফোৰক সামগ্ৰী লাভ নকৰিলে।
বৰ্তমান ভাবুকিভৰা মেইল প্ৰেৰণ কৰা ব্যক্তিজনক চিনাক্ত কৰিবলৈ বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে জুলাই মাহত মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি আহিছিল। ইয়াৰ পিছতে বিমানবন্দৰত উপস্থিত থকা নিৰাপত্তাৰক্ষীসকলে সমগ্ৰ চৌহদত তালাচী অভিযান চলায়। এই বিষয়টো পোহৰলৈ অহাৰ পিছতে সেই স্থানত আলোড়নৰ সৃষ্টি হয়। অৱশ্যে পিছত অনুসন্ধানৰ সময়ত সন্দেহজনক একো বস্তু লাভ নকৰিলে।