এন চি পি নেতা বাবা ছিদ্দিকীৰ শ্বুট আউট গোচৰত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তক জেৰা কৰি এক ডাঙৰ প্ৰকাশ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, থানে আৰু পানভেল মডিউলৰ পৰা গ্ৰেপ্তাৰ কৰা ৫ অভিযুক্তই তিনিওজন গুলীচালনাকাৰীক মুঠ ৫ লাখ টকা দিছিল।
অভিযুক্ত শুভমে টকাৰ ব্যৱস্থা কৰিছিল আৰু নীতিন আৰু ৰাম কানোজিয়াই সেই টকাখিনি শ্বুটাৰক দিছিল। তথ্য অনুসৰি, এই ধনখিনি বেংক একাউণ্টৰ জৰিয়তে ট্ৰেন্সফাৰ কৰা হৈছে বুলি ধৃত অভিযুক্তকেইজনে প্ৰকাশ কৰে।
দৰাচলতে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে ধৃত অভিযুক্তৰ এক চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰকাশ কৰিছে। মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ তথ্য অনুসৰি, এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৫ অভিযুক্তই জেৰাৰ সময়ত কয় যে, হত্যাৰ পৰিকল্পনাত জড়িত থকাৰ বাবে আৰু গুলীচালনাকাৰীক সহায় কৰাৰ বাবে এতিয়ালৈকে তেওঁলোকক মুঠ ৫ লাখ টকা দিয়া হৈছে।
অভিযোগ অনুসৰি অভিযুক্ত শুভমে এই ধনখিনি দিছিল আৰু চক্ৰটোৰ এগৰাকী সদস্যই সন্দেহযুক্ত লোককেইজনৰ বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰে। ক্ৰাইম ব্ৰাঞ্চৰ অধিক তদন্তত প্ৰকাশ পাইছে যে, অভিযুক্তসকলৰ বেংক একাউণ্টলৈ ৫ লাখ টকা ট্ৰেন্সফাৰ কৰাটো তেওঁলোকৰ বেংক ষ্টেটমেণ্টৰ দ্বাৰা নিশ্চিত কৰা হৈছে।
ক্ৰাইম ব্ৰাঞ্চৰ এক সূত্ৰই ইংগিত দিছে যে, তিনিওজন গুলীচালনাকাৰী আৰু তেওঁলোকক অস্ত্ৰ যোগান ধৰা পাঁচজনীয়া গেংটো প্ৰথম অৱস্থাত ইজনে সিজনৰ বাবে অচিনাকি আছিল। হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ পিছত মূল ষড়যন্ত্ৰকাৰী শুভম লংকৰ আৰু হেণ্ডলাৰ জীশন আখতাৰে তেওঁলোকক ইজনক- আনজনৰ সৈতে চিনাকি কৰাই দিয়ে। তেওঁলোকৰ সাক্ষাতৰ পিছত গুলীচালনাকাৰী আৰু অস্ত্ৰ যোগান ধৰা অভিযুক্তৰ মাজত অহৰহ যোগাযোগ হৈ আছিল আৰু তেওঁলোকে একেলগে গুলীচালনাৰ অনুশীলনও কৰিছিল।
ক্ৰাইম ব্ৰাঞ্চৰ তথ্য অনুসৰি গেং লিডাৰ নীতিন আৰু ৰাম কনৌজিয়া দীৰ্ঘদিন ধৰি শুভম লংকৰৰ সংস্পৰ্শত আছিল। যেতিয়া বাবা ছিদ্দিকীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল, তেতিয়া শুভমে তেওঁক অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা কৰিবলৈ কৈছিল। পিছত শুভমে শ্বুটাৰ হিচাপে শিৱ কুমাৰ গৌতম আৰু ধৰম ৰাজ কাশ্যপক নিযুক্তি দিয়ে। আনহাতে তৃতীয় শ্বুটাৰ জীশান আখতাৰে গুৰমাইল সিঙক পুনেলৈ পঠিয়ায়।