মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা মুম্বাইৰ বান্দ্ৰা পশ্চিমৰ তিনিবাৰৰ বিধায়ক বাবা ছিদ্দিকীক শনিবাৰে নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। এন চি পি নেতাগৰাকীৰ এতিয়া কুপাৰ হাস্পতালত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা চলি আছে।
ঘটনাৰ খবৰ পোৱাৰ পিছতে তেওঁৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। মূলতঃ বিহাৰৰ পৰা যোৱা বাবা ছিদ্দিকীয়ে মুম্বাইত নিজস্ব পৰিচয় সৃষ্টি কৰিছিল।
এই অবাঞ্চিত ঘটনাক লৈ দলৰ সকলো নেতাই আৰু বিৰোধীয়ে শোক প্ৰকাশ কৰিছে।
প্ৰাৰম্ভিক খবৰ অনুসৰি, এন চি পি নেতাজনক গুলীওৱা দুৰ্বৃত্ত কেইজনে বান্দ্ৰা ইষ্টৰ গুলীচালনা কৰা স্থানলৈ অটোৰিক্সাৰে আহিছিল আৰু ফটকাৰ শব্দৰ মাজতেই তেওঁলোকে এই ঘটনা সংঘটিত কৰিছিল।
ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই এই ঘটনাৰ দুখ প্ৰকাশ কৰাৰ লগতে মুম্বাই লীলাৱতী হাস্পতালত উপস্থিত হৈ বাবা ছিদ্দিকিৰ পৰিয়ালক সাক্ষাৎ কৰে।
এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিব দিয়া অনুসৰি শনিবাৰে নিশা ৯.৩০ বজাত নিৰ্মল নগৰ কমপ্লেক্সত এই ঘটনাটো সংঘটিত হয়। ঘটনা সংঘটিত হোৱাৰ পিছতেই তেওঁক লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু অধিক তথ্য সংগ্ৰহৰ বাবে ক্ৰাইম ব্ৰাঞ্চে তদন্ত আৰম্ভ কৰিছে।