অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপিৰ কনাড পুৰকায়স্থ আৰু অগম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয়। শুকুৰবাৰে বভাগৰ তৰফৰ পৰা এই কথা নিশ্চিত কৰে।
সংশ্লিষ্ট কৰ্তৃপক্ষই জনোৱা অনুসৰি ৰাজ্যসভাৰ আসন দুখনৰ বাবে বিৰোধীৰ ফালৰ পৰা কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। মনোনয়ন দাখিলৰ অন্তিম দিন বৃহস্পতিবাৰে উকলি যোৱাৰ পিছতেই শুকুৰবাৰে NDAৰ প্ৰাৰ্থী দুগৰাকী বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা বুলি ঘোষণা কৰে।
উল্লেখ্য যে, ৰাজ্যসভাৰ আসন দুখনৰ বাবে ১৯ জনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰা বাবে অপ্ৰয়োজনীয় হৈ পৰে এই নিৰ্বাচন।
ইফালে প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সদস্য হ’ব কনাড পুৰকায়স্থ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ কনাড। বৰ্তমান কনাড বিজেপিৰ অসম ইউনিটৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
আনহাতে অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই তৃতীয়বাৰৰ বাবে ৰাজ্যসভালৈ যাব। ৰাজ্যসভাৰ সাংসদ হোৱাৰ উপৰি বৈশ্যই বিগত সময়ত লোকসভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।