অলিম্পিক স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই ভাৰতীয় সেনাবাহিনীত ডাঙৰ দায়িত্ব লাভ কৰিছে। নীৰজ চোপ্ৰাক টেৰিটৰিয়েল আৰ্মীত সন্মানীয় লেফটেনেণ্ট কৰ্ণেল পদবী প্ৰদান কৰা হৈছে।
বিশ্বৰ অন্যতম শ্ৰেষ্ঠ জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই ২০২১ চনৰ টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰিছিল।
নীৰজ চোপ্ৰাক ভাৰতৰ টেৰিটৰিয়েল আৰ্মী ৰেগুলেচন, ১৯৪৮ৰ পেৰা-৩১ৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক লেফটেনেণ্ট কৰ্ণেল পদবী প্ৰদান কৰিছে।
ইয়াৰ পূৰ্বে নীৰজ ৰাজপুতনা ৰাইফলছত চুবেদাৰ পদত অধিষ্ঠিত হৈ আছিল। নীৰজে ২০১৬ চনত নায়ব চুবেদাৰ হিচাপে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল।
নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক জয় কৰাৰ বিপৰীতে ২০২৪ পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল।
উল্লেখ্য যে, নীৰজৰ উপৰি টেৰিটৰিয়েল আৰ্মীত আছে আন বহু এথলীট। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীও টেৰিটৰিয়েল আৰ্মীত আছে।