নেপালৰ ৰাজনৈতিক অশান্তিৰ মাজতে অৱশেষত দেশত এক নতুন অধ্যায় আৰম্ভ হৈছে। দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু যুৱক-যুৱতীসকলৰ কণ্ঠৰ হেঁচাত নেপালৰ প্ৰথমগৰাকী মহিলা অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে।
নেপালৰ চুডান গুৰুংকে ধৰি বহু যুৱ নেতাই এই পৰিৱৰ্তনশীল আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই পৰিৱৰ্তনে স্পষ্ট কৰি দিছে যে নেপাল এতিয়া যুৱক-যুৱতীসকলৰ নেতৃত্বত আগবাঢ়ি যাব।
১২ ছেপ্তেম্বৰত নিশা সুশীলা কাৰ্কীয়ে নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দি তেওঁ দেশত প্ৰচলিত ৰাজনৈতিক অনিশ্চয়তাৰ অন্ত পেলায়। ইয়াৰ পূৰ্বে কে পি শৰ্মা অলীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ সিদ্ধান্তই সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল। এই আন্দোলনৰ পিছত কে পি অলিয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল।
এই ঐতিহাসিক পৰিৱৰ্তনত চুডান গুৰুঙৰ অৱদানও অতি গুৰুত্বপূৰ্ণ। ৩৬ বছৰীয়া চুডান গুৰুঙক নেপালৰ যুৱক-যুৱতীসকলৰ কণ্ঠ হিচাপে গণ্য কৰা হয়। ‘হামি নেপাল’ নামৰ এটা সংগঠনৰ অধীনত যুৱক-যুৱতীসকলক সংগঠিত কৰি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ফ্ৰণ্ট মুকলি কৰে। বিশেষকৈ তেওঁ চৰকাৰে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে বিক্ষোভৰ নেতৃত্ব দিয়ে, যাৰ ফলত পৰৱৰ্তী সময়ত কে পি অলী চৰকাৰৰ পতন ঘটে। সুশীলা কাৰ্কিৰ শপতগ্ৰহণ অনুষ্ঠানত আশীৰ্বাদ লোৱা দেখা গৈছিল চুডান গুৰুঙে, যিয়ে ইংগিত দিয়ে যে, তেওঁ নতুন নেপাল প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ ওলাইছে।
চুডান গুৰুঙৰ নেতৃত্বত ‘হামি নেপাল’ নামৰ বেচৰকাৰী সংস্থাটোৱে ২০২০ চনত পঞ্জীয়ন কৰিছিল।এই সংগঠনৰ উদ্দেশ্য সমাজ কল্যাণ, প্ৰাকৃতিক দুৰ্যোগত সাহায্য কাম আৰু যুৱক-যুৱতীসকলক সবলীকৰণ বুলি কোৱা হৈছিল। এই সংগঠনটো যুৱক-যুৱতীসকলৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছে, যাৰ বাবেই হাজাৰ হাজাৰ যুৱক-যুৱতী গুৰুঙৰ এক কণ্ঠত ৰাজপথলৈ ওলাই আহিল। কোৱা হৈছে যে তেওঁৰ লক্ষ্য নেপালত স্থিতিশীলতা, গণতন্ত্ৰ আৰু স্বচ্ছতা প্ৰতিষ্ঠা কৰা।
সুশীলা কাৰ্কীয়ে নেপালৰ ক্ষমতাৰ বাঘজৰী দখল কৰাত ভাৰতেও সুখ প্ৰকাশ কৰিছে। নতুন দিল্লীয়ে আদৰণি বাৰ্তা জাৰি কৰি কয় যে, নেপালত এতিয়া শান্তি আৰু স্থিতিশীলতাৰ পৰিৱেশ সৃষ্টি হ’ব বুলি আশা কৰিছে। ভাৰতে এইটোও স্পষ্ট কৰি দিলে যে, ঘনিষ্ঠ প্ৰতিবেশী, গণতান্ত্ৰিক অংশীদাৰ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ অংশীদাৰ হিচাপে দুয়োখন দেশৰ মংগল আৰু সমৃদ্ধিৰ বাবে একেলগে কাম অব্যাহত থাকিব।