২০২৫ চনৰ ছেপ্টেম্বৰ মাহত নেপালে এক বৃহৎ ৰাজনৈতিক সংকটৰ সন্মুখীন হয়, কাৰণ GEN Zৰ প্ৰতিবাদকাৰীসকলে অলি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি, চেঞ্চৰশ্বিপ আৰু অৰ্থনৈতিক বৈষম্যৰ প্ৰতিবাদ কৰিছিল। এই প্ৰতিবাদৰ হেঁচাত পৰি অলিয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয়।
৯ ছেপ্টেম্বৰত নেপালত GEN Z প্ৰতিবাদৰ হেঁচাত কে পি শৰ্মা অলিয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। দুৰ্নীতি আৰু নেপোটিজমৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই অহা লোকৰ ধুমুহাই নেপাল চৰকাৰক উটুৱাই লৈ যায়। পদত্যাগ কৰাৰ দহ দিনৰ পাছত অলিয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে উপস্থিত হয়।
১০ দিনৰ মূৰত ৰাজহুৱাভাৱে হাজিৰ হ’ল নেপালৰ পদচ্যুত প্ৰধানমন্ত্ৰী অলি। বৃহস্পতিবাৰে শিৱপুৰী সামৰিক বেৰেকৰ পৰা সেনাৰ হেলিকপ্টাৰেৰে তেওঁক ভক্তপুৰলৈ লৈ যায়, য’ত তেওঁৰ বাবে এটা ঘৰ ভাড়াত দিয়া হৈছে।
বিগত ৮ আৰু ৯ ছেপ্টেম্বৰত GEN Zৰ প্ৰতিবাদৰ পিছত অলিয়ে সেনাৰ হেলিকপ্টাৰেৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ পৰা ওলাই আহিছিল। শিৱপুৰীৰ সামৰিক বেৰেকত অলিক সুৰক্ষিত ৰখা হৈছিল। কাঠমাণ্ডুত থকা তেওঁৰ ব্যক্তিগত ঘৰ, ঝাপাৰ পূৰ্বপুৰুষৰ ঘৰ, দমকত থকা ঘৰত প্ৰতিবাদকাৰীয়ে জুই লগাই দিয়ে। ফলস্বৰূপে তেওঁৰ বাবে আন এটা ভাড়াঘৰ বিচাৰিব লগা হয়। সেনাৰ হেলিকপ্টাৰেৰে তেওঁক কঢ়িয়াই নিয়া হৈছিল।
অলিক নতুন ভাড়াঘৰত উপস্থিত হোৱাৰ লগে লগে কেইজনমান সমৰ্থকে আদৰণি জনায়। ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা আৰু দুৰ্নীতিৰ বিৰুদ্ধে নেপালী যুৱক-যুৱতীসকলে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰি ২০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।
সংসদ ভৱন আৰু অলিৰ ব্যক্তিগত বাসগৃহকে ধৰি কেইবাটাও চৰকাৰী ভৱনত জুই জ্বলাই দিয়া হয়। অলিয়ে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে, যিটো ১০ ছেপ্টেম্বৰত গ্ৰহণ কৰা হয়।তেওঁৰ পদত্যাগৰ পিছত অলি আৰু অন্যান্য মন্ত্ৰীসকলে সেনাবাহিনীৰ শিৱপুৰী বেৰেকত আশ্ৰয় লয়, আৰু তেওঁলোকৰ অৱস্থান সম্পৰ্কে উৰাবাতৰিৰ সৃষ্টি হয়।










