নেপালত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদে ধাৰণ কৰিছে হিংসাত্মক ৰূপ। প্ৰতিবাদ তীব্ৰতৰ হোৱাত নেপালৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পদৰ পৰা পদত্যাগ কৰিছে। বহু নেতা আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ঘৰ জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে।
সংসদ, উচ্চতম ন্যায়ালয়, ৰাষ্ট্ৰপতি ভৱন আৰু সাংসদসকলৰ বাসগৃহৰ দৰে গুৰুত্বপূৰ্ণ স্থানতো অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে।
শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰ অনুসৰি, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত কেপি শৰ্মা অলিয়ে দেশ এৰি পলায়ন কৰিছে। এই সকলোবোৰৰ মাজতেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেশৰ শাসনৰ দায়িত্ব সেনাই ল’ব বুলি ঘোষণা কৰিছে।
নেপালত হিংসাত্মক প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে নিশা ১০ বজাৰ পৰা দেশখনৰ নিৰাপত্তাৰ দায়িত্ব নেপাল সেনাই ল’ব। মঙলবাৰে সেনাই প্ৰতিবাদকাৰীসকলক শান্ত হৈ থাকিবলৈ আৰু জাতীয় ঐক্য বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰু দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছে।
এক বিবৃতিত কোৱা হৈছে, ‘আমি জেন জেড আন্দোলনৰ শেহতীয়া পৰিঘটনাসমূহ বিশ্লেষণ কৰি আছো। সেনাই নেপালী জনসাধাৰণৰ স্বাৰ্থ আৰু নিৰাপত্তাৰ প্ৰতি সদায় দায়বদ্ধ আৰু শেহতীয়া পৰিঘটনাসমূহ মনত ৰাখি আমি জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছো।’
সেনাৰ তৰফৰ পৰা লগতে আৰু কয়, ‘সকলো যুৱক-যুৱতী আৰু সমগ্ৰ দেশবাসীক শান্ত হৈ থাকিবলৈ আৰু সামাজিক সম্প্ৰীতি আৰু জাতীয় ঐক্য বজাই ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে যাতে বৰ্তমানৰ পৰিস্থিতি আৰু অধিক বেয়া নহয়।’
বিবৃতিটোত আৰু কয়, ‘এই গুৰুতৰ পৰিস্থিতিত দেশৰ ঐতিহাসিক, সাংস্কৃতিক, প্ৰত্নতাত্ত্বিক আৰু জাতীয় সম্পত্তিসমূহ সংৰক্ষণ আৰু সুৰক্ষা কৰাটো সকলো নেপালীবাসীৰ কৰ্তব্য।’