নেপাল ক্ৰিকেটৰ বাবে ২৯ ছেপ্তেম্বৰৰ দিনটো হৈ ৰ’ব ঐতিহাসিক। শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত দুবাৰৰ টি-২০ বিশ্বকাপ জয়ী ৱেষ্ট ইণ্ডিজক ৯০ ৰানত পৰাস্ত কৰি শৃংখলা দখল কৰে নেপালে।
প্ৰথমে বেট ধৰি নেপালে আছিফ শ্বেখৰ ৬৮ আৰু সন্দীপ জোৰাৰ ৬৩ ৰানৰ ইনিংছৰ সহায়ত ১৭৩ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্তুৰত ৱেষ্ট ইণ্ডিজ দলে মাত্ৰ ৮৩ ৰানতে নিজৰ ইনিংছ সামৰে।
১৭৪ ৰানৰ লক্ষ্য আগত লৈ খেলিবলৈ অহা ৱেষ্ট ইণ্ডিজৰ মুখ্য বেটাৰ কাইল মেয়াৰ্ছ (৬), জেছন হোল্ডাৰ (২১), ফেবিয়ান এলেন (৭), আৰু আকিয়াল হোছেইন (০)ৰ দৰে বিস্ফোৰক বেটছমেনক সস্তাতে পেভেলিয়মুখী কৰে নেপালৰ বলাৰে। নেপালৰ হৈ আদিল আনছাৰীয়ে সৰ্বাধিক ৪টা উইকেট দখল কৰাৰ বিপৰীতে কুশল ভৰটেলে লাভ কৰে ৩টা উইকেট।
ৱেষ্ট ইণ্ডিজ দলে মাত্ৰ ১৭.১ অভাৰত অল আউট হয়। নেপালে ৯০ ৰানত জয়লাভ কৰি তিনিখন মেচৰ টি-২০ শৃংখলাত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰাৰ লগতে শৃংখলাটোও দখল কৰে।
উল্লেখ্য যে, টি-২০ ক্ৰিকেট ইতিহাসত প্ৰথমবাৰৰ বাবে নেপাল ক্ৰিকেট দলে আই চি চিৰ পূৰ্ণ সদস্যতাপূৰ্ণ দলৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলাত জয়লাভ কৰিছে। ইয়াৰ পূৰ্বে নেপালে প্ৰথম টি-২০ত ৱেষ্ট ইণ্ডিজক ১৯ ৰানত পৰাস্ত কৰিছিল। শৃংখলাৰ অন্তিমখন মেচ আজি অনুষ্ঠিত হ’ব।