শনিবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত আয়োজিত এক জনসভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত নেপালক অতি ঘনিষ্ঠ বন্ধু ৰাষ্ট্ৰ বুলি অভিহিত কৰে। তেওঁ লগতে নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰূপে শপত লোৱা সুশীলা কাৰ্কীকো অভিনন্দন জনায়।
নিজৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ভাৰত আৰু নেপালৰ সম্বন্ধ ইতিহাস আৰু বিশ্বাসৰ দ্বাৰা সংযুক্ত।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘এই মণিপুৰ ভূমিৰ পৰা নেপালৰ সহকৰ্মীসকলৰ লগতো কথা পাতিম। হিমালয়ৰ বুকুত অৱস্থিত নেপাল ভাৰতৰ বন্ধু। ঘনিষ্ঠ বন্ধু। আমি ইতিহাস আৰু বিশ্বাসৰ দ্বাৰা সংযুক্ত হৈ আছো।’
নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ১৪০ কোটি ভাৰতীয়ৰ হৈ কাৰ্কীক আন্তৰিকতাৰে অভিনন্দন জনাইছো। মোৰ বিশ্বাস যে তেওঁ নেপালৰ শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাট মুকলি কৰিব। নেপালৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে সুশীলা কাৰ্কীয়ে দায়িত্ব লাভ কৰাটো নাৰী সৱলীকৰণৰ এক অতি উত্তম উদাহৰণ।
শেহতীয়াকৈ জেন-জিৰ নেতৃত্বত হোৱা চৰকাৰ বিৰোধী প্ৰতিবাদক নেপালৰ বাবে পুনৰুত্থানৰ সংকেত বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নেপালক শুভকামনা জনায়।