নতুন বছৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনে এক নতুন আশা, নতুন প্ৰত্যাশা। বহুতেই পুৰণি কিছু অভ্যাস পৰিত্যাগ কৰি নতুন বছৰত নতুন অভ্যাস গ্ৰহণ কৰিবলৈ সংকল্পৱদ্ধ হয়।
এই সংকল্প লোৱাৰ উদ্দেশ্য হৈছে সাধাৰণতে নিজৰ জীৱন উন্নত কৰা বা সুস্থ জীৱনশৈলী গ্ৰহণ কৰা।
বছৰৰ আৰম্ভণিতে বহুতে এই সংকল্প গ্ৰহণ কৰে, কিন্তু কিছু সময়ৰ পাছত সেইবোৰ পাহৰি যায় আৰু নৱবৰ্ষৰ এনে সংকল্প আধৰুৱা হৈ থাকে। বেছিভাগ মানুহৰে ক্ষেত্ৰত এনেকুৱা হয়।
গতিকে আপুনিও যদি ২০২৫ বৰ্ষতো সুন্দৰকৈ উদযাপন কৰিব বিচাৰে, এইসমূহ হৈছে-
- সৰু সৰু পদক্ষেপ
নতুন বছৰৰ সংকল্প ৰক্ষা কৰিবলৈ জীৱনত ডাঙৰ পৰিৱৰ্তন ঘটোৱাটো কঠিন হৈ উঠিব পাৰে। গতিকে, ইয়াক নতুন বছৰত সৰু সৰু পদক্ষেপত গ্ৰহণ কৰা উচিত। উদাহৰণস্বৰূপে- এগৰাকী ব্যক্তিয়ে প্ৰতিদিনে ১ ঘণ্টা অধ্যয়ন কৰিব বিচাৰিলে, প্ৰথম সপ্তাহত ২০-৩০ মিনিটৰ পৰা আৰম্ভ কৰি লাহে লাহে এই অভ্যাস বৃদ্ধি কৰা উচিত। এনেধৰণৰ সৰু সৰু পদক্ষেপে জীৱনৰ ডাঙৰ ডাঙৰ সংকল্প পূৰণ কৰাত সহায় কৰিব পাৰে।
- সময় নিৰ্ধাৰণ
বৰ্তমান সকলোৰে জীৱনশৈলী অতি ব্যস্ত। বহুতে ব্যায়াম বা ধ্যান কৰাৰ সংকল্প লোৱাৰ দৰে লক্ষ্যৰ সন্দৰ্ভত অগ্ৰাধিকাৰ দিওঁ। কিন্তু আৰম্ভণিতে ইয়াৰ বাবে সময় বিচাৰি পোৱাটো কঠিন। গতিকে সময়খিনি ভালদৰে পৰিচালনা কৰা উচিত। প্ৰতিদিনে বা সপ্তাহত কিছু সময় উলিয়াই নতুন বছৰৰ সংকল্প পূৰণ কৰা উচিত। যেনেকৈ অফিচলৈ গ’লে প্ৰথম অৱস্থাত প্ৰতিদিনে ১৫ৰ পৰা ২০ মিনিট সময় ব্যায়ামৰ বাবে সময় উলিয়াব লাগে।
- বিফলতাৰ ভয় ৰাখিব নালাগে
বহু সময়ত সংকল্প সম্পূৰ্ণ কৰাত বহু বাধা আৰু বিফলতাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। যদি আমি প্ৰতিদিনে নিজৰ লক্ষ্যৰ দিশত কাম কৰিব নোৱাৰো, তেন্তে ইয়াক ব্যৰ্থ বুলি গণ্য কৰি হতাশ অনুভৱ কৰা উচিত নহয়। সৰু সৰু বিফলতাও আমাৰ আত্মবিশ্বাস তথা কৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰে। বিফলতাৰ পৰা শিকি পুনৰ কাম শিকা উচিত।
- আত্ম-প্ৰেম
সংকল্প সাধনৰ ক্ষেত্ৰত নিজৰ ওপৰত হেঁচা নপৰাটো গুৰুত্বপূৰ্ণ। কেতিয়াবা আমি নিজৰ কৰ্তব্য পালনৰ অৰ্থে নিজৰ ওপৰত অত্যধিক হেঁচা দিওঁ। যাৰ ফলত ভাগৰ আৰু হতাশাৰ সৃষ্টি হয়। সময়ে সময়ে নিজকে জিৰণি দি আৰু নিজৰ কৃতিত্বৰ শলাগ লৈ আমি মানসিক চাপ নোহোৱাকৈ নিজৰ সংকল্প পূৰণৰ বাবে আগবাঢ়ি যাব পাৰো।