নৱবৰ্ষৰ দিনটোত সকলোৱে পাৰ্টি কৰে। যিকোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক, কিন্তু ইয়াৰ পিছতো সুৰাপান কৰা লোকৰ সংখ্যা যথেষ্ট। নৱবৰ্ষৰ পূৰ্বে বা ১ জানুৱাৰীত যদি আপুনিও ক’ৰবাত পাৰ্টি কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে কমকৈ মদ খাবলৈ চেষ্টা কৰা উচিত।
উদযাপনৰ সময়ত বহু সময়ত মানুহে উত্তেজনাত অত্যধিক মদ্যপান কৰে বা কিছুমানৰ এটা বা দুটা পেগ খোৱাৰ পিছতো ৰাতিপুৱা হেংগ অভাৰ হয়। যাৰ বাবে মূৰৰ বিষ গোটেই পিছদিনা থাকিব পাৰে। ইয়াৰ বাহিৰেও অত্যধিক পিয়াহ অনুভৱ কৰা, বমি অনুভৱ কৰা, শৰীৰত ভাগৰুৱা অনুভৱ কৰা, চকু ৰঙা হোৱা আদি লক্ষণ দেখা যায়। গতিকে হেংগঅভাৰৰ পৰা সকাহ পাবলৈ জানি লওক কিছুমান টিপছ-
নেমুৰ পানী
হেংগঅভাৰৰ পৰা মুক্তি পাবলৈ নেমুৰ ৰস উত্তম। ইয়াৰ বাবে ৰাতিপুৱা সাৰ পোৱাৰ পিছত নেমুৰ পানী খাব লাগে। ইয়াত চেনি দিব নালাগে। সোৱাদৰ বাবে অলপ নিমখ দিব পাৰে। ইয়াৰ ফলত বমিৰ পৰাও সকাহ পোৱা যায়। ইয়াৰ পিছত ব্ৰেকফাষ্টত ভিটামিন চি যুক্ত খাদ্য, যেনে- কমলা, আঙুৰ, কিউই অন্তৰ্ভুক্ত কৰাটো ভাল।
দৈ
কিছুমান লোকে হেংগ অভাৰৰ বাবে মূৰ ঘূৰোৱা, বমি আদি সমস্যাৰ সন্মুখীন হয়। এনে অৱস্থাত এবাটি সতেজ দৈ খাব পাৰে। ইয়াৰ ফলত বহুখিনি সকাহ পোৱা যায়।
পদিনা পানী
হেংগঅভাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ৮-১০ টা পদিনা পাত পানীত দি ভালদৰে উতলাই কুহুমীয়াকৈ খাব লাগে। ইচ্ছা কৰিলে তাত নেমুৰ ৰসও দিব পাৰে। ইয়াৰ ফলত মূৰৰ বিষৰ পৰা সকাহ পাব আৰু হেংগ অভাৰ সোনকালে নাইকিয়া হ’ব।
কিছুমান বিশেষ কথাত গুৰুত্ব দিয়া উচিত-
হেংগ অভাৰ হ’লে গধুৰ ব্ৰেকফাষ্ট গ্ৰহণ কৰিব নালাগে, অৰ্থাৎ ভজা আৰু মছলাযুক্ত খাদ্য পৰিহাৰ কৰি, তাৰ পৰিৱৰ্তে ফলমূল গ্ৰহণ কৰিব লাগে। হেংগঅভাৰ কম কৰিবলৈ চাহ-কফি খোৱাৰো ভুল কৰিব নালাগে। যদি সোনকালে হেংগঅভাৰৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগে। ইয়াৰ উপৰিও নাৰিকল পানী খোৱাটোও উপকাৰী। হেংগ অভাৰৰ পৰা সুস্থ হ’বলৈ জিৰণি লোৱাটো অতি প্ৰয়োজনীয়।