যোৰহাটৰ তিতাবৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। তিতাবৰ বৰহোলা শিলডুবি গড়াজানস্থি GGSত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। এই ঘটনাত অ’ এন জি চিত মেকানিকেল ইঞ্জিনীয়াৰ হিচাপে কৰ্মৰত ৰাহুল দত্ত নামৰ এজনৰ মৃত্যু হয়।
মৃত্যু হোৱা অভিযন্তাজন কলিকতাৰ আছিল বুলি জানিব পৰা গৈছে। প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হোৱা ৰাহুল দত্তক সংকটজনক অৱস্থাত প্ৰথমে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অৱস্থা গুৰুতৰ হোৱাত তৎকালীনভাৱে যোৰহাট চিৎকিসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে পিছত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানে অভিযন্তা ৰাহুল দত্তই।
জানিব পৰা মতে, GGSৰ হিটাৰত উক্ত ভয়ানক অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। লগে লগে জুইৰ ক’লা ধোঁৱাই চানি ধৰে সমগ্ৰ অঞ্চলটো।
এই ঘটনাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ এটা বৃহৎ দল ঘটনাস্থলত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
ইফালে GGSৰ ভিতৰত প্ৰৱেশ বন্ধ কৰাৰ কাৰণে কোন ঠাইত অগ্নিকাণ্ড সংঘটিত হৈছে বা অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই।
এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত আতংকিত হৈ পৰিছে এতিয়া GGSৰ দাঁতিকাষৰীয়া গড়াজানবাসী।