জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটী ধ্বংস কৰিবলৈ চলাইছিল অপাৰেশ্যন সিন্দূৰ। ভাৰতৰ এই অভিযান সন্দৰ্ভত প্ৰতিদিনে পোহৰলৈ আহিব ধৰিছে ন ন তথ্য।
প্ৰথমে সেনাৰ তৰফৰ পৰা ভিডিঅ’ আৰু ফটো মুকলি কৰি এই অভিযানৰ বিষয়ে ৰাজহুৱা কৰিছিল তথ্য। এইবাৰ বি এছ এফে অপাৰেশ্যন সিন্দূৰৰ নতুন ভিডিঅ’ প্ৰকাশ কৰি দাবী কৰিছে যে বি এছ এফে পাকিস্তানৰ ৭২টা পোষ্ট ধ্বংস কৰিছে।
২৭ মে’ অৰ্থাত মঙলবাৰে প্ৰকাশ পোৱা অপাৰেশ্যন সিন্দূৰৰ এটা নতুন ভিডিঅ’ত দেখা গৈছে যে পাকিস্তানৰ ভূখণ্ডৰ গভীৰতম সন্ত্ৰাসবাদী শিবিৰত বি এছ এফে নিখুঁত আক্ৰমণ চলাইছে। পাকিস্তানী ৰেঞ্জাৰসকলে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে দৌৰি থকা দেখা গৈছে আৰু সন্ত্ৰাসবাদীৰ স্থানসমূহো ধ্বংস কৰা দেখা গৈছে।
সংবাদ মাধ্যমক সম্বোধন কৰি বি এছ এফৰ জম্মু সীমান্তৰ মহাপৰিদৰ্শক শশাংক আনন্দে কয় যে বি এছ এফে লোনী, মস্তপুৰ, ছাব্বৰাকে ধৰি আখনুৰ, চাম্বা আৰু আৰ এছ পুৰা ছেক্টৰত কেইবাটাও সন্ত্ৰাসবাদী লঞ্চ পেড ধ্বংস কৰে।
তেওঁ কয়, ‘৯-১০ মে’ত পাকিস্তানে আখনুৰ ছেক্টৰত অপ্ৰৰোচিত গুলীচালনা আৰম্ভ কৰি বি এছ এফৰ পোষ্টসমূহক লক্ষ্য কৰি লৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমি লস্কৰ-ই-তৈবাৰ লোনী লঞ্চ পেডত আক্ৰমণ কৰি যথেষ্ট ক্ষতিসাধন কৰিছিলো।’
তেওঁ কয়, ‘আমি ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে শত্ৰুৰ কেইবাটাও পোষ্ট, টাৱাৰ আৰু বাংকাৰ ধ্বংস কৰিলো। প্ৰায় ৭২টা পাকিস্তানী পোষ্ট আৰু ৪৭টা ফৰৱাৰ্ড পোষ্টক লক্ষ্য কৰি লোৱা হয়। বিএছএফৰ কোনো ধৰণৰ সম্পত্তি বা আন্তঃগাঁথনিৰ ক্ষতি হোৱা নাছিল।’
পাকিস্তানক বিশ্বাস কৰিবলৈ অত্যন্ত কঠিন বুলি উল্লেখ কৰি মহাপৰিদৰ্শক শশাংক আনন্দে কয় যে এতিয়াও অপাৰেশ্যন সিন্দূৰ চলি আছে।