পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে আজি দেখা যাব ভাৰতীয় বায়ুসেনাৰ শক্তিৰ প্ৰদৰ্শন। ৰাফেল-জাগুয়াৰ, মিৰাজৰ দৰে যুঁজাৰু বিমানে উত্তৰপ্ৰদেশৰ গংগা এক্সপ্ৰেছৱেত অৱতৰণ কৰিব। জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰা হ’ব ৰাণৱে।
ভাৰতৰ সামৰিক প্ৰস্তুতি দেখি ইফালে ইছলামাবাদত সৃষ্টি হৈছে আতংকৰ। কেৱল এয়াই নহয়, আৰব সাগৰত ভাৰতীয় নৌসেনাৰ মাৰাত্মক যুদ্ধ অনুশীলন চলি আছে।
ভাৰতীয় নৌসেনাই আৰব সাগৰত ইটোৰ পিছত সিটো অস্ত্ৰ নিক্ষেপ কৰি চকুৰ পলকতে নিজৰ লক্ষ্য ধ্বংস কৰি আছে। কিছুদিন পূৰ্বে ভাৰতীয় নৌসেনাই আৰব সাগৰত মধ্য দূৰত্বৰ ক্ষেপণাস্ত্ৰ আৰু জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰিছিল আৰু এতিয়া নৌসেনাই মাৰাত্মক অস্ত্ৰৰে ধ্বংসাত্মক যুদ্ধ অনুশীলন চলাই আছে। ভাৰতে ৩০ এপ্ৰিলৰ পৰা ৩ মে’ৰ ভিতৰত আৰব সাগৰত ৪টা সেউজ অধিসূচনা জাৰি কৰিছে।
এই অঞ্চল পাকিস্তানৰ পৰা ৮৫ নটিকেল মাইল দূৰত, য’ত পাকিস্তানৰ নৌসেনাইও যুদ্ধ অনুশীলন চলাই আছে। ভাৰতীয় নৌসেনাৰ অনুশীলন এক্সক্লুছিভ ইকনমিক জ’নত চলি আছে। ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাত নৌসেনাৰ জাহাজ নিয়োগ কৰা হৈছে। এই অনুশীলনৰ বাহিৰেও ভাৰতে আন এক NOTAM জাৰি কৰিছে। এই NOTAM অহা ৭ আৰু ৮ মে’ৰ বাবে জাৰি কৰা হৈছে।
এই NOTAM ৰ ৰেঞ্জ ৩৯০ কিলোমিটাৰ। ইয়াক ৰখা হৈছে ৩৯০ কি.মি. অঞ্চলত যত ভাৰতে ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিব পাৰে।
বৰ্তমান ভাৰতীয় নৌসেনাই যিবোৰ অস্ত্ৰৰে যুদ্ধৰ অনুশীলন চলাই আছে, সেইবোৰ অধিক মাৰাত্মক। প্ৰতিৰক্ষা সূত্ৰৰ মতে, যিকোনো অস্বাভাৱিক কাৰ্যকলাপৰ বাবে যুদ্ধজাহাজক সতৰ্কতা মোডত ৰখা হৈছে। ইয়াৰ উপৰিও বহুতো জাহাজ বিৰোধী আৰু বিমান বিৰোধী অস্ত্ৰৰে কৌশল চলোৱা হৈছে বুলিও সূত্ৰই দাবী কৰিছে।
ইয়াত গংগা এক্সপ্ৰেছৱেত নিৰ্মিত দেশৰ প্ৰথম বিমানবন্দৰত দিনে নিশাই বায়ুসেনাৰ যুদ্ধ বিমান অৱতৰণ কৰিব পাৰিব। শ্বাহজাহানপুৰৰ এক্সপ্ৰেছৱে’ত নিৰ্মাণ কৰা হৈছে এয়াৰষ্ট্ৰিপ। ইয়াত ৩.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এয়াৰষ্ট্ৰিপ আছে। আনহাতে, মীৰুটৰ পৰা প্ৰয়াগৰাজলৈ নিৰ্মাণ কৰা হৈছে এক্সপ্ৰেছ। আজি আৰু কাইলৈ বায়ুসেনাই বিমান প্ৰদৰ্শনীৰ আয়োজন কৰিব।
ৰাফেল, মিৰাজ-২০০০, জাগুয়াৰ, এছ ইউ-৩০ এম কে আই, মিগ-২৯, এ এন-৩২, চি-১৩০জে ছুপাৰ হাৰকিউলছ আৰু এম আই-১৭ ভি ৫ হেলিকপ্টাৰ গংগা এক্সপ্ৰেছৱেত অৱতৰণ কৰিব।