২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক আৰু অধিক জটিল হৈ পৰিছে। এই বিধ্বংসী আক্ৰমণত ২৮ জনে প্ৰাণ হেৰুৱাইছে, যাক লস্কৰ-ই-তৈবা নামৰ পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনে সংঘটিত কৰিছিল।
লগতে পেহেলগাম কাণ্ডৰ আঁৰত পাকিস্তানী সেনা তথা আই এছ আই থকা বুলিও অনুমান কৰা হৈছে।পাক সেনা-আই এছ আইৰ সহযোগতেই লস্কৰ-ই-তৈবাই সংঘটিত কৰিছিল এই পেহেলগাম কাণ্ড। ইতিমধ্যে ইয়াৰ পৰ্যাপ্ত প্ৰমাণ ভাৰতীয় তদন্তকাৰী সংস্থা এন আই এ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে
ভাৰতে এই নৰসংহাৰৰ পিছত পাকিস্তানৰ বিৰুদ্ধে কিছু কঠোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ১৯৬০ চনৰ সিন্ধু জল সন্ধি স্থগিত ৰখাৰ লগতে পাকিস্তানী লোকৰ ভিছাও বাতিল কৰিছে। ইয়াৰোপৰি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰো অনুমান কৰা হৈছে।
পিছে পাকিস্তানেও ভাৰতে যুদ্ধ ঘোষণা কৰিলে মনে মনে নাথাকি ভাৰতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে।
পিছে এষাৰ কথা আছে দাঁত নোহোৱা সাপৰ ফোঁচফোচনিয়ে সাৰ। ঠিক এই আপ্তবাক্যশাৰীয়েই যেন এতিয়া প্ৰযোজ্য পাকিস্তানৰ ক্ষেত্ৰত। কিয়নো ভাৰতৰ প্ৰতি যুদ্ধংদেহী অৱস্থান লোৱা পাকিস্তানৰ যুদ্ধ কৰিবলৈ সামৰিক ক্ষমতাৰ যথেষ্ট অভাৱ। যদি যুদ্ধ কৰিব লগা হয়ো, তেন্তে অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদৰ অভাৱত ভুগিব পাকিস্তানে।
সম্প্ৰতি দুই দেশৰ মাজত এক যুদ্ধসদৃশ পৰিৱেশে বিৰাজ কৰিছে। এই সময়তে পোহৰলৈ আহিছে এক উদ্বেগজনক সত্য। সংবাদ মাধ্যমত প্ৰকাশ পাইছে এক ভয়ংকৰ সত্য। আজিৰ তাৰিখত যুদ্ধ হ’লে মাত্ৰ ৪ দিনহে যুদ্ধ চলাই নিব পাৰিব পাকিস্তানে।
যুদ্ধৰ সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদৰ ক্ষেত্ৰত তথৈবচ পাকিস্তানৰ অৱস্থা। কিয়নো দেশখনৰ প্ৰধান অস্ত্ৰ উৎপাদনকাৰী সংস্থা ‘পাকিস্তান অৰ্ডিনেন্স ফেক্টৰী’(POF) ৰ উৎপাদন ক্ষমতা তেনেই সীমিত। যাৰ বাবে POF ৰ ফালৰ পৰা পৰ্যাপ্ত গোলা-বাৰুদৰ চাহিদা পূৰণ কৰিব নোৱাৰিব।
যাৰ বাবে দেশখনৰ প্ৰাক্তন সেনাপ্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাৰে পাকিস্তান চৰকাৰক সকীয়নি দিছে যে, ‘ভাৰতৰে সাম্ভাব্য যুদ্ধৰ ফল পাকিস্তানৰ হকে ভাল নহ’ব’।
ইয়াৰ উপৰি অর্থনৈতিক সংকট, মুদ্রাস্ফীতি, ক্ৰমবৰ্ধিত ঋণ, ইন্ধনৰ নাটনিতো ককবকাইছে দেশখনে। ইয়াৰ পৰিণতিত সামৰিক বাহিনীৰ নিয়মীয়া প্ৰশিক্ষণ-অনুশীলন আদিও ভয়ংকৰভাৱে বাধাগ্ৰস্ত হৈছে। ভাৰতৰে যুদ্ধ হ’লে পাকিস্তান যে ভয়ংকৰ পৰিণতিৰ সমুখীন হ’ব সেয়া ভালকৈয়ে বুজি উঠিছে দেশখনে।হাস্যকৰভাৱে পাকিস্তানে এফালে ভাৰতৰ বিৰুদ্ধে পৰমাণু যুদ্ধৰ ভাবুকি দিছে আৰু আনফালে যুদ্ধ নহ’বৰ বাবে মধ্যস্থতা বিচাৰি আমেৰিকাসহ অন্য দেশৰ কাষ চাপিছে।