পেহেলগাম আক্ৰমণৰ পিছত ক্ষোভেৰে ভৰি পৰিছে ভাৰত। ভাৰতৰ একচন প্লেনৰ বাবে পাকিস্তানত এতিয়া এক শংকিত পৰিৱেশ। ভাৰতীয় সেনাই অহৰহ অনুশীলন কৰি আছে, যাৰ বাবে পাকিস্তানৰ টোপনি নাইকিয়া হৈছে।
পাকিস্তানৰ ওপৰত ভাৰতৰ অৰ্থনৈতিক আক্ৰমণ অব্যাহত আছে। এই আক্ৰমণৰ পিছত ভাৰতে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিয়ে পাকিস্তানক ক্ষুব্ধ কৰি তুলিছে। ভাৰতে আক্ৰমণ কৰিব পাৰে বুলি আশংকা কৰিছে পাকিস্তানে। যদি দুয়োখন দেশৰ মাজত যুদ্ধ হয়, তেন্তে ভাৰতৰ ৫ খন চুবুৰীয়া ৰাষ্ট্ৰই কাক সমৰ্থন কৰাৰ সম্ভাৱনা আছে জানো আহক-
চীন দেশ পাকিস্তানৰ আটাইতকৈ ডাঙৰ সমৰ্থক হৈ আহিছে আৰু ভাৰতৰ সৈতে সংঘাত হ’লে চীনে পাকিস্তানক সমৰ্থন কৰিব পাৰে। কিন্তু বিশ্ব পৰ্যায়ত ভাৰতৰ প্ৰভাৱৰ বাবে চীনে মুকলিকৈ পাকিস্তানক সমৰ্থন কৰিব নোৱাৰে।
প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত বাংলাদেশৰ পূৰ্বৰ চৰকাৰখন বহুলাংশে ভাৰতপন্থী বুলি গণ্য কৰা হৈছিল। কিন্তু ক্ষমতা সলনি হোৱাৰ পিছত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰখনে ভাৰতক সহায় কৰাৰ সম্ভাৱনা দেখা যোৱা নাই। কোৱা হৈছে যে, মহম্মদ ইউনুছে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিব পাৰে। বাংলাদেশৰ প্ৰাক্তন মেজৰ জেনেৰেলে কৈছিল যে, যদি পাকিস্তানে ভাৰতক আক্ৰমণ কৰে তেন্তে বাংলাদেশে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ দখল কৰিব লাগে।
যদি আমি মালদ্বীপৰ কথা কওঁ তেন্তে ইয়াত বৰ্তমান চৰকাৰৰ মনোভাৱ ভাৰত বিৰোধী হৈ আহিছে। এই কথা বিবেচনা কৰিলে ক’ব পাৰি যে যদি যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে মহম্মদ মুইজু নেতৃত্বাধীন চৰকাৰে ভাৰতক হয়তো সমৰ্থন নকৰে।
ইয়াৰ বাহিৰেও যদি আমি শ্ৰীলংকাৰ কথা কওঁ, তেন্তে এই দেশখন বিগত সময় ধৰি আৰ্থিক সংকটৰ সন্মুখীন হৈছে। ভাৰতে শ্ৰীলংকাক সদায় সহায় কৰি আহিছে। ইয়াৰ উপৰিও চীনেও সহায় কৰিছে। এনে পৰিস্থিতিত যদি যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া দেশখন নিৰপেক্ষ হৈ থাকিব পাৰে।
যদি আমি ভূটানৰ কথা কওঁ, তেন্তে এই দেশ সদায় ভাৰতৰ বন্ধু। কিন্তু পাকিস্তানৰ সৈতে যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হ’লে এই দেশ হয় নিৰপেক্ষ হৈ থাকিব, নহয় ভাৰতক সমৰ্থন কৰিব পাৰিব।