লাহোৰ, ইছলামাবাগকে ধৰি পাকিস্তানৰ কেইবাখনো চহৰত ৰাজপথলৈ ওলাই আহি শ্বাহবাজ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। পাকিস্তানৰ ৰাজধানীখনৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ইণ্টাৰনেট বন্ধ কৰি লকডাউনৰ ব্যৱস্থা কৰা হৈছে। ইজৰাইল আৰু আমেৰিকাৰ নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদৰ নেতৃত্ব দিছে তেহৰিক-ই-লাববাইক পাকিস্তানে।
ৰাজপথত জনসমাগমৰ নেতৃত্ব দি ইছলামাবাগ অভিমুখে পদযাত্ৰা কৰিছে পাকিস্তানৰ টিএলপি দলৰ কৰ্মীসকলে। বৰ্তমানেও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই লাহোৰৰ পৰিস্থিতি। এই হিংসাত্মক প্ৰতিবাদত নিহত এজন টিএলপি কৰ্মী আৰু এজন আৰক্ষী জোৱান। টিএলপিৰ কৰ্মীসকলে আৰক্ষীৰ ওপৰত শিলগুটিও নিক্ষেপ কৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে পানীৰ কামান আৰু হেণ্ড গ্ৰেনেডো ব্যৱহাৰ কৰে।
১০ অক্টোবৰত ইছলামাবাগত থকা আমেৰিকাৰ দূতাবাসৰ বাহিৰত ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল তেহৰিক-ই-লাববাইক পাকিস্তানে। ইয়াৰ পিছতে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ আৰক্ষীয়ে টি এল পিৰ মুখ্য কাৰ্যালয়ত অভিযান চলাই টি এল পিৰ নেতা সাদ হুছেইন ৰিজৱীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত টি এল পিৰ এজন শ্ৰমিক নিহত হোৱাৰ লগতে ২০ জন আহত হোৱা বুলি দাবী কৰে।
ৰাজধানীলৈ যোৱা পথসমূহ ছীল কৰি ৰাৱালপিণ্ডিত ১৪৪ ধাৰা জাৰি কৰিছে শ্বাহবাজ চৰকাৰে। ইছলামবাগ আৰু ৰাৱালপিণ্ডিত মোবাইল ইণ্টাৰনেট সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ নিৰ্দেশ চৰকাৰে।