বিশ্বাস কৰক বা নকৰক এছিয়ান চেম্পিয়নছ ট্ৰফীত ব্ৰঞ্জৰ পদক লাভ কৰা পাকিস্তান হকী দলৰ প্ৰতিগৰাকী খেলুৱৈ আৰু বিষয়াসকলে পুৰস্কাৰ হিচাপে ১০০ মাৰ্কিন ডলাৰকৈ (প্ৰায় ২৮ হাজাৰ পাকিস্তানী টকা) লাভ কৰিব।
বুধবাৰে পাকিস্তান হকী ফেডাৰেচনে এই ঘোষণা কৰি অধ্যক্ষ মিৰ তাৰিক বুগটিয়ে অনুমোদন জনোৱা বিশেষ নগদ পুৰস্কাৰৰ কথা নিশ্চিত কৰে।
উল্লেখ্য যে ছেমিফাইনেলত চীনৰ বিৰুদ্ধে শ্বুটআউটত পৰাস্ত হোৱা পাকিস্তানে ব্ৰঞ্জৰ পদকৰ মেচখনত কোৰিয়াক ৫-২ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনত তৃতীয় স্থান দখল কৰে।
পাকিস্তান হকী ফেডাৰেচনৰ তৰফৰ পৰা প্ৰকাশ পোৱা বিবৃতিত উল্লেখ কৰে যে এই নগদ ধন আগবঢ়োৱাৰ উদ্দেশ্য হৈছে প্ৰতিযোগিতাখনৰ সময়ত দলটোৰ প্ৰদৰ্শনক “মান্যতা আৰু উৎসাহিত” কৰা।
ইফালে প্ৰতিযোগিতাখনৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা আবু বাকৰ মাহমুদক ফেডাৰেচনে সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াব বুলিও জানিবলৈ দিয়ে।
আনহাতে, প্ৰতিযোগিতাখনৰ মাজভাগতে পিতৃক হেৰুওৱা গাজনাফৰ আলীৰ নামত উৎসৰ্গিত কৰে ব্ৰঞ্জৰ পদকটো। পিতৃক হেৰুওৱাৰ পিছতো তেওঁ প্ৰতিযোগিতাখন এৰি নহাৰ সিদ্ধান্তৰ বাবেই পাকিস্তান হকী ফেডাৰেচনে তেওঁক সন্মান জনোৱাৰ অৰ্থে এই পদকটো উৎসৰ্গিত কৰে।