চিবিআইয়ে ক্ষীপ্ৰ গতিত কৰি আছে NEET পেপাৰ লীকৰ তদন্ত। তদন্তৰ মাজতে পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। অভিযুক্ত প্ৰাৰ্থীসকলে ৩৫ৰ পৰা ৬০ লাখ টকা পৰিশোধ কৰিছিল প্ৰশ্নকাকত ক্ৰয় কৰাৰ নামত।
প্ৰাপ্ত তথ্য অনুসৰি, বিহাৰৰ প্ৰাৰ্থীসকলে ৩৫ ৰ পৰা ৪৫ লাখ টকাত প্ৰশ্নকাকত ক্ৰয় কৰিছিল। আনহাতে, অন্য ৰাজ্যৰ প্ৰাৰ্থীৰ পৰা ৫৫ ৰ পৰা ৬০ লাখ টকাৰ বিনিময়ত কাকতখন দিয়াৰ সিদ্ধান্ত লৈছিল অভিযুক্তই।
তদন্তত পোহৰলৈ আহিছে যে, প্ৰায় ১৫০ জন শিক্ষাৰ্থীয়ে কাকতখন লাভ কৰিছিল। প্ৰশ্নকাকত ক্ৰয় কৰা প্ৰাৰ্থীৰ কিছু সংখ্যকে ঝাৰখণ্ডৰ হাজৰিবাগত আৰু কিছু প্ৰাৰ্থীয়ে মহাৰাষ্ট্ৰৰ লাতুৰ জিলাৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
একে সময়তে কিছুমান প্ৰাৰ্থীয়ে গুজৰাটৰ গোধৰা আৰু বিহাৰৰ পাটনাৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পেপাৰ লিক গোচৰৰ বেছিভাগ অভিযুক্ত নৱাদা জিলাৰ বাসিন্দা আছিল।
আনহাতে, প্ৰশ্নকাকত লিক হোৱাৰ তদন্তৰ প্ৰায় এমাহ হ’ল। অৱশ্যে, বৰ্তমানেও ঘটনাৰ মূল অভিযুক্তৰ কোনো ধৰণৰ সন্ধান লাভ কৰা নাই। একে সময়তে ঘটনাৰ অন্য এজন অভিযুক্ত সঞ্জীৱ মুখিয়া পলাতক হৈ আছে।
অৱশ্যে, তেওঁৰ সহযোগীসকল বৰ্তমান চিবিআইৰ জিম্মাত আছে। যাৰ ভিতৰত আছে ৰকি আৰু চিন্টু।
আৰক্ষীৰ ভাষ্য অনুসৰি, ৰকিয়ে ঝাৰখণ্ডৰ হাজৰিবাগৰ মৰুদ্যান বিদ্যালয়লৈ যোৱা প্ৰশ্নকাকতবোৰ চিন্টুৰ জৰিয়তে বিহাৰলৈ প্ৰশ্নকাকত প্ৰেৰণ কৰিছিল।
উল্লেখ্য যে, চিন্টু সঞ্জীৱ মুখিয়াৰ ভতিজীৰ স্বামী।